logo

108

108 ।
নহয় তুমি কেৱল
যন্ত্ৰ চালিত এখন নাওঁ।
দৰিদ্ৰতাৰ দক্ষিণা সাগৰত
দ্ৰুত বেগেৰে চাৰিফালে
ঘূৰি ফুৰা দৰিদ্ৰৰ একমাত্ৰ সপোন।
ভাবে তোমাক
সকলোতকৈ আপোন।
হয় যেন তুমি দাপোন।
দেখাই দিয়া
তুমি বিপদ মুক্তিৰ প্ৰতিচ্ছবি।
লৈ যোৱা তুমি ডাঙি
ৰোগ প্ৰতিকাৰ কেন্দ্ৰলৈ।
তাতো দিয়া তুমি সহায়ৰ হাত
লৈ যোৱা প্ৰকৃত স্থান।
পাওঁ বিনামূলীয়া চিকিৎসা
নকৰা তুমি বেপাৰ।
নহওঁ আমি বিপদে পৰিচালিত।
দিয়া তুমি মুক্তি
হয় সেইয়া মানৱতাৰ পথ।
থাকে তাতে আমাৰ মুক্তি।
দিয়া তুমি জীৱনৰ শক্তি।
নপৰে আমাৰ জীৱন অন্ত ।
নাই তোমাৰ অহংকাৰ
কৰোঁ আমি হাহাকাৰ।
কৰা উপকাৰ নকৰা অৱহেলা
নহওঁ আমি বঞ্চিত
নহয় আমাৰ জীৱন অন্ত।
কৰা তুমি জীৱন সঞ্চয়।
নহয় তুমি ১০৮
হয় তুমি দৰিদ্ৰৰ
জীৱন জীৱিকাৰ মন্ত্ৰ।
হয় তাত যমদূতৰ অন্ত।
ছৈয়দ মহচিন।

2
67 views