এজন বিদ্ৰোহী যুৱকৰ মনৰ এক কাল্পনিক কাহিনী য'ত নাই কোনো সত্যতা।
বিদ্ৰোহী। নাছিলোঁ মই বিদ্ৰোহীনাজানিছিলোঁ উৰাবলৈ বিপ্লৱৰ নিচান। নাছিল তাতে মোৰ যোগ্যতা। বিচৰা নাছিলো তেনে নিযুক্তি।তাতে নাছিল মোৰ বৰ্বৰতা আছিলোঁ মই বিনয়ী।কৰিছিলোঁ সম্মান নকৰিছিলো অপমান।পাইছিলো মৰম। কৰিছিলোঁ সংগ্ৰাম নাছিল তাতে মোৰ বিবাদ ।সময়ৰ ডেউকাত হ'ল সলনি ললো মই বিপ্লৱী পন্তাএৰিলো মই বস্তি এৰিলোঁ মইআপোন মৰমৰ উপজা ঠাই। নাপালোঁ মই কাৰো উপকাৰ ।কৰিছিলোঁ হাহাকাৰ নাথাকিলো ৰখি তাতেনহয় মই নিৰ্বিকাৰ ললো মই পন।কৰিম মই বশ। নাপাব কোনেও দূৰভোগ।কৰিম অন্যায়কাৰীক অপকাৰ ৰোধিম মই ঠগ প্ৰবঞ্চনাক।নাথাকিব প্ৰবঞ্চক নাথাকিব কোনো বঞ্চিত।হ'ব সকলোৱেৰে সঞ্চিত। নাথাকিব হিংসাআহিব সৎভাৱ পৰিব প্ৰভাৱকমিব অভাৱ নাথাকিব অপৰাধ। দিলে মোক পৃষ্ঠভংগ নিদিলে নাপালোঁ নুন্যতমপ্ৰাথমিক সুন্দৰতা। নাছিল তাত বিচাৰ কৰিছিল মোক অবিচাৰ।আছিল মোৰ সপোন ভাবোঁ মই দাপোন।চাওঁ মই পুৱা গধূলি। নহয় তাত খেলিমেলিহয় তাত অসভ্যালি। দাপোণ আছিলসকলোৰে আপোন নাপালে তাত আপোনল'লে তাত নিশ্বাস।দিছিল আশ্বাস কৰিছিলোঁ আমি বিশ্বাস ।নহয় তাত কোনো বিপন্ন। নকৰে কাকো অবিচাৰ।পাব তাত কিয় হাহাকাৰ কৰিব কিয় অন্যায়।লাগে তাত বিচাৰ। পাব লাগিব ন্যায়।কিন্তু নাপালোঁ মই সুবিচাৰ নিদিলে মোক গুৰুত্ব।নাই তাত মহত্ব নহয় মই আচশ্বস্ত।নাপালোঁ মই বিশ্বস্ত হলো মই বিধ্বস্ত।দিলোঁ মই অভিযোগ নাপালোঁ মই উত্তৰ ।নাই বোলে অভিধানত তাৰ সমাধান।দিলে মোক ঠগ হলো মই বশদিব মই প্ৰত্যোত্তৰ হ'ম মই বন্য ।কৰিম মই বিপ্লৱ হম মই বিদ্ৰোহী।নাথাকিব মোৰ বাট বিচাৰ দিম উচিত শাস্তি। নহ'ব মোৰ শান্তি, কৰিব মোক অশান্তি।যাম মই অজান দেশলৈ থাকিম তাত অকলে।নাযাব সেইয়া অৰ্থলে পাম মই সাৰ্থকতা।নহ'ম মই বিমুখ হবগৈ মোৰ প্রৰিত্যান।হ'ব মোৰ অৱসান। আতঁৰিব অৱসাদ।নাথাকিব বিবাদ। লম মই বিদায়দিব চাগে সকলোৰে মৰম। নাহে যে সি আৰু পুনৰ গুৰি। ছৈয়দ মহচিন।