logo

অৰুণাচলত পুনৰ হত্যাৰ বলি অসমৰ শ্ৰমিক :


অৰুণাচলত পুনৰ হত্যাৰ বলি অসমৰ শ্ৰমিক :

তিনিমাহৰ পূৰ্বে হত্যা কৰি হাবিত পেলাই দিয়াৰ সন্দেহ চিলাপথাৰৰ, দ-পথাৰ গাঁৱৰ সিদ্ধাৰ্থ চেতিয়াক
: AASUৰ প্ৰতিক্ৰিয়া :

অৰুণাচলত কাম কৰিবলৈ গৈ নিখোজ হৈ মৃতদেহ উদ্ধাৰ হোৱাৰ বাতৰিয়ে চিলাপথাৰ অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এইবাৰ অৰুণাচলত কাম কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে চিলাপথাৰৰ সমীপৰ দ-পথাৰ মাজ গাঁৱৰ বিৰোচন চেতিয়াৰ পুত্ৰ তথা প্রাক্তন সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান সিদ্বার্থ চেতিয়াই।

গোগামুখৰ অগেন পাদি নামৰ লোকজনৰ তত্বাৱধানত অৰুণাচলৰ দাপৰিজুলৈ কৰ্মসংস্থনৰ বাবে শ্ৰমিক হিচাপে গৈছিল মৃত সিদ্বাৰ্থ। তাতে ৰাজু ডুবি নামৰ ঠিকাদাৰ জনৰ অধীনত কাম কৰিবলৈ লয় ।

# ইপিনে যোৱা নবেম্বৰ মাহৰ ২৫ তাৰিখে টকা পইচাৰ সংক্ৰান্তত ৰাজু ডুবি আৰু সিদ্ধাৰ্থৰ মাজত কিছু বাক বিতণ্ডা হয় আৰু তেওঁৰ ওপৰত ৰাজু ডুবিয়ে শাৰিৰীক নিৰ্য্যাতন চলায় বুলি সিদ্ধাৰ্থই পৰিয়ালৰ লোকক জানিবলৈ দিছিল।

সেইটোৱেই আছিল সিদ্ধাৰ্থৰ পৰিয়ালৰ লগত শেষ যোগাযোগ । ইয়াৰ পিছৰে পৰা সিদ্বাৰ্থৰ কোনো খবৰ পোৱা নাছিল পৰিয়ালৰ লোকে।

সিদ্ধাৰ্থৰ কোনো সম্ভেদ নাপাই পৰিয়ালৰ লোকে যোৱা ২ ডিচেম্বৰত চিচিবৰগাঁও আৰক্ষী চকীত এজাহাৰ দিয়ে যদিও বিশেষ সু-ফল নোপোৱাত যোৱা ২০ জানুৱাৰীত ধেমাজি জিলাৰ আৰক্ষী অধীক্ষকক বিষয়টো অবগত কৰে ।

কিন্তু কোনেও সিদ্ধাৰ্থৰ কোনো সম্ভেদ উলিয়াব উলিয়াব পৰা নাছিল ।

# অৱশেষত যোৱা সোমবাৰে সিদ্ধাৰ্থৰ অর্ধগলিত মৃতদেহ অৰুণাচল আৰক্ষীয়ে তেঁওৰ কর্মস্থানৰ পৰা প্ৰায় ৫০০ মিটাৰ দূৰৰ হাবিৰ মাজৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰি অগেন পাদি আৰু ৰাজু ডুবিলৈ অভিযোগৰ আঙুলি টোৱাইছে ভূক্তভূগীৰ পৰিয়ালটোৱে।

কিন্তু অভিযুক্তৰ ওপৰত এতিয়ালৈকে প্ৰশাসনে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে পৰিয়ালটোৰ লগতেৰ সমগ্ৰ অঞ্চলবাসী ।

সেই সন্দৰ্ভত আজি পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজে চিলাপথাৰত এখন সংবাদমেল অনুষ্ঠিত কৰি অভিযুক্ত অগেন পাদি আৰু ৰাজু ডুবিক শীঘ্ৰে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনায়, লগতে প্ৰশাসনক মৃতদেটো সৎকাৰৰ বাবে আনি দিবলৈ দাবী জনায় । আনহাতে পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তিজন নোহোৱা হোৱাত অন্ধকাৰ নামি আহিছে পৰিয়ালটোলৈ । এগৰাকী বিশেষভাৱে সক্ষম আৰু এগৰাকী অধ্যয়নৰত কন্যাক লৈ মৃত সিদ্ধাৰ্থৰ পত্নীয়ে কিদৰে জীৱন নিৰ্বাহ কৰিব তাক লৈ চিন্তিত হৈ পৰিছে অঞ্চলবাসী। সেয়ে সিদ্ধাৰ্থৰ পত্নীক সাহাৰ্য্য প্ৰদানৰ বাবে চৰকাৰ আৰু প্ৰশাসনক দাবী জনাইছে স্থানীয় ৰাইজে ।

আনহাতে ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া অৰবিন্দ গগৈয়ে শীঘ্ৰে অপৰাধীক কৰায়ত্ব কৰি ভুক্তভোগী পৰিয়ালটোক ন্যায় প্ৰদানৰ দাবী জনাইছে। ইয়াৰ অন্যথা ৰাইজৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ব বুলিও হুংকাৰ দিছে ।

0
0 views