logo

নাজবিনৰ গৰ্জন।

আচলতে এটা প্ৰকৃত কাহিনী বন্ধু এজনে শৈশৱত দেখা পোৱা।তাকে পিছলৈ কবিতালৈ ৰূপান্তৰ কৰা হৈছে।নাজমিন আৰু জেচমিন দুই জনী ভাল বান্ধৱী।জেচমিনৰ ভগ্নী জেচিনাৰো আছে নাজমিনৰ সৈতে বন্ধুত্ব।সেই হিচাপে নাজবিনৰ ঘৰত জেচমিনে আৰবী মূল ধৰ্মগ্ৰন্থ কোৰাণ অধ্যয়ণ কৰে কাৰণ নাজমিনৰ মাতৃ আৰবীত বিশাৰদ। আনহাতে জেচমিনৰ মাতৃ ইছলাম বা মানৱতাত বিশাৰদ। গতিকে সিহঁতৰ সম্বন্ধ বিষাক্ত নহয়। সকলোধৰণৰ মেক আপ জেচমিনে তাতে কৰে মাজ সময়ে। আনহাতে কলেজীয়া জীৱন সাং কৰাৰ পিছত জেচমিন তাতে থাকে। আনহাতে জেচমিনৰ ভগ্নী জেচিনা কোৰান অধ্যয়ণ নকৰে বা নোৱাৰে গতিকে জেচিনাৰ সেইবোৰত মতলৱ নাই।জেচমিন যেতিয়া পৰৱৰ্তী পৰ্য্যায়ত কোৰানৰ পৰা কীৰ্তন লৈ ৰূপান্তৰ হয় তেতিয়া নাজমিনে গৰ্জন কৰে আৰু জেচমিনক কৰে বৰ্জন । আচলতে জেচমিনে বহু চেষ্টাৰে কোৰান অধ্যয়ণ কৰিছিল।কলেজ পৰ্য্যায়ত সেইবোৰ শিকাৰ বয়স নাথাকে আৰু যথেষ্ট কঠিন হৈ পৰে।আনহাতে জেচমিন আজিও আইনগত ভাৱে কোৰানৰ সমৰ্থক মনৰ পৰা কিন্তু কীৰ্তনক সমৰ্থন কৰে। মনৰ পৰা অধ্যয়ণ কৰাটো আইনে স্বীকাৰ নকৰে কাৰণ জেচমিন আৰু জেচমিনৰ বন্ধুৱে কৰিছিল চহী আইনত ,কোৰান ভাল লাগে। পিছলৈ ভাল নলগাত জেচমিনৰ বন্ধু কীৰ্তন লৈ পুনৰ গুচি যায়।দুই বন্ধুৱে কোৰাণ ত্যাগ কৰে।এইটোকে কবিতাৰ সুৰত লিখিবলৈ চেষ্টা কৰা হৈছে।



নাজমিন গৰ্জন
কৰিছে জেচমিনক বৰ্জন।
নাজবিন আৰু জেচমিন
আছিল
শৈশৱৰ বান্ধৱী।

কৰিছিল একেলগে অধ্যয়ণ।
বনাইছিল একেলগে ব্যঞ্জন ।
আছিল সামঞ্জস্যপূৰ্ণ
নাছিল সিহঁতৰ মাজত
বিসংগতি পূৰ্ণ।

সময় হৈছিল সলনি
সলালে ৰূপ জেচমিনে
কোৰান গুচি ললে
আকোঁৱালি কীৰ্ত্তন।
আহিল তাত ব্যৱধান
নাই তাত সমাধান ।

হ'ল পৰিবৰ্তন
নহ'ব তাই অভিৱৰ্তন
দিলে নাজমিনে
জেচমিনক বিসৰ্জন ।
জেচমিনে নকৰিলে অৰ্জন ।
আছিল তাই অৰ্হতা
হ'ল তাই দিশাহাৰা
কৰিল তাই ভূল
নহ'ল তাই সফল।

গ'ল তাই বিপথে
হ'ল তাই এলাগি।
কৰিছে আজি
সকলোকে গালি গালাজ ।
নাছিল তাই নিলাজ।
নাই কিন্তু
আজি তাই ইলাজ।
কৰিব তাই ইহলীলা
পাব তাই ধ্বংস লীলা।
হয় আজি
সকলোৱে অভিমত।
নাই তাত কাৰো দ্বিমত।
নাই তাই ধৰ্ম
হ'ল তাই বিৰ্ধমি।

কৰিছে তাইক
সকলোৱে বিৰোধিতা।
আছে তাই বদনাম
দিলে নাম
তাইক ৰক্ষিতা।
কৰে তাই নিষিদ্ধ ভক্ষণ
আছে তাইৰ বাবে নৰক
নাপাব তাই সৰগ। ছৈয়দ মহচিন।

43
653 views