logo

ধুবুৰী জিলা বিজেপিৰ ধুবুৰী জিলা BJYM ৰ বৃহৎ সাংগঠণিক সন্মিলন

"প্ৰেছ বিজ্ঞপ্তি"
তাৰিখ:- ২৭-০১-২০২৬ ইং ;
আজি ভাৰতী জনতা পাৰ্টৰ "ভাৰতীয় জনতা যুৱ মৰ্চা ধুবুৰী জিলাৰ উদ্যোগত আৰু বিজেপি ধুবুৰী জিলা যুৱ মৰ্চাৰ জিলা সভাপতি "শ্ৰী সৌৰভ দে" ৰ সভাপতিত্বত গোলকগঞ্জ স্থিত "বিৰাট নগৰ সিনিয়াৰ সেকেণ্ডৰী স্কুল" প্ৰঙ্গনত ৬ নং গোলকগঞ্জ বিধানসভা সমষ্টি ভিত্তিক এক বৃহৎ যুৱ সন্মিলন অনুষ্ঠিত হয়। সন্মিলনত বিশেষ ভাবে উপস্থিত থাকে বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি "শ্ৰী ৰাকেশ দাস" লগতে এই সন্মিলনত উপস্থিত থাকে বিজেপি ধুবুৰী জিলাৰ জিলা সভাপতি "শ্ৰী ৰঞ্জিত কুমাৰ ৰায়", গোলকগঞ্জ সমষ্টিৰ প্ৰক্তান বিধায়ক তথা বিজেপি অসম প্ৰদেশ OBC মৰ্চা প্ৰাক্তন ৰাজ্যিক সভাপতি " শ্ৰী অশ্বিনী ৰায় সৰকাৰ, গোলকগঞ্জ বিধানসভা ভিত্তিক প্ৰভাৰী "শ্ৰী নিৰ্মল্য পাল" গোলকগঞ্জ বিধানসভা ভিত্তিক কনভেনৰ "শ্ৰী অনিল বৰ্মন" বিজেপি দলৰ জেষ্ঠ কাৰ্যকৰ্তা তথা বিজেপি ধুবুৰী জিলাৰ প্ৰাক্তন জিলা সভাপতি "শ্ৰী দিপক সাহা" ধুবুৰী জিলা যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি বিশ্বজীৎ দাস আৰু বিজেপি দলৰ বিধানসভা ভিত্তিক বিভিন্ন স্তৰৰ কাৰ্যকৰ্তা সকল । বিজেপি যুৱ মৰ্চা ৰাজ্যিক সভাপতি শ্ৰী ৰাকেশ দাসে তেওঁৰ ভাষনৰ জৰিয়তে কয় যে- এইবেলি ২০২৬ বিধানসভা নিৰ্বাচন চাপি অহাৰ লগে লগে, সমগ্ৰ অসমৰ লগতে গোলকগঞ্জ বিধানসভা সমষ্টিত যুৱ চামৰ মাজত ক্ৰমম্বয়ে বিজেপি দল শক্তিশালী ভাবে জনপ্ৰিয়তা অৰ্জন কৰি আছে। অসমৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰদেৱৰ নেতৃত্বত অসম চৰকাৰে অসমৰ নতুন ভোটাৰ সকলৰ মাজত আৰু যুৱক যুৱতী সকলৰ মাজত যেনেদৰে শিক্ষা ক্ষেত্ৰত, যুৱক যুৱতী সকলক CMAAA ৰ জৰিয়তে আত্মনিৰ্ভৰ কৰাৰ ক্ষেত্ৰত প্ৰচেষ্টা চলাই আছে,তাৰ প্ৰতি অসমৰ যুৱ চামে বিশেষকৈ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈ পৰা দেখা গৈ আছে। এই ক্ষেত্ৰত ভিন্ন নহয় গোলকগঞ্জ সমষ্টিৰ যুৱক যুৱতীসকল। আজিৰ এই যুৱ সন্মিলনত যেনেদৰে গোলকগঞ্জ বিধানসভা সমষ্টিৰ যুৱক যুৱতীসকল স্বতষ্ফূৰ্ত ভাবে ওলাই আহিছে,সেয়া চাই বিজেপি বিৰোধী ৰাইজনৈতিক দল সমূহৰ নিদ্ৰাহৰণ হৈ পৰিছে। যদিও এইবেলি গোলকগঞ্জ বিধানসভা সমষ্টিত বিজেপি বিৰোধীয়ে কূচকাৱচ চলাই আছে,কিন্তু বিজেপি ধুবুৰী জিলা ভাৰতীয় যুৱ মৰ্চাও বিজেপি বিৰোধী ৰাজনৈতিক দল সমূহৰ সকলো ধৰনৰ ৰণকৌশল গোলকগঞ্জ বিধানসভা সমষ্টিত প্ৰতিহত কৰি, বিজেপি দলৰ বিজয় ২০২৬ বিধানসভা নিৰ্বাচনত নিশ্চিত কৰাৰ বাবে ইতিমধ্যে বিভিন্ন সাংগঠণিক কাৰ্যসূচী হাততলৈ প্ৰচাৰত নামি পৰিছে। উপস্থিত দলীয় শীৰ্ষ নেতৃত্ব সকলে ভাষনৰ জৰিয়তে সন্মিলনত স্পষ্ট ভাবে ইংগিত দিয়ে যে, এইবেলি মোদীজীৰ সৱল নেতৃত্বত লগতে অসমৰ মাননীয় মূখমন্ত্ৰীৰ ৰাজনৈতিক কৌশলতাত,জাতি মাটি ভেঁটিৰ সুৰক্ষাৰ সিদ্ধান্ত আৰু জনকল্যানমূলক আঁচনিয়ে অসমৰ প্ৰতিজন নাগৰিকৰ হিয়া স্পৰ্শ কৰিছে। সেই হেতুকে এইবেলি অসমত পূনৰায় বিজেপি মিত্ৰজোঁট চৰকাৰ নিশ্চিত ভাবে গঢ়িবলৈ,অসমৰ ৰাইজে আশিৰ্বাদ হাত আগবঢ়াই ৰাখিছে,কেৱল নিৰ্বাচনৰ দিন ঘোষনাৰ অপেক্ষাত ভাৰতীয় জনতা পাৰ্টি।

0
0 views