logo

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিবেশন সমাগত৷ # জামুগুৰিহাটবাসীৰ উচ্ছাসৰ নাই অন্ত।



# শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিবেশন সমাগত৷
# জামুগুৰিহাটবাসীৰ উচ্ছাসৰ নাই অন্ত।
# সপোনৰ অধিবেশনখনি সফল কৰিবলৈ এশ শতাংশ উজাৰি দিছে সকলোৱে।
# হৰি নামৰে মুখৰিত জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰ ৷
# অধিৱেশন স্থলীলৈ আগমন দুৰদুৰনীৰ ভক্তৰ ৷
# জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত উপস্থিত সংঘৰ লক্ষীমপুৰ জিলা শাখা৷
Anchor= শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিবেশনকলৈ উচ্ছাহৰ অন্ত নাই জামুগুৰিহাট বাসী ৰাইজৰ মাজত। যিহেতু ৰাজ্যখনৰ ভিতৰতে একক বৃহৎ ধৰ্ম্মীয় অনুষ্ঠান হিচাপে পৰিচিত শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ ৰাজ্যিক অধিবেশন ভাগ পোন প্ৰথম বাৰৰ বাবেই অহা ৬,৭আৰু ৮ ফেব্ৰুৱাৰীত সংঘৰ তেজপুৰ জিলা শাখাৰ আতিথ্যত জামুগুৰিহাটৰে ধলাইবিল আৰু চৈবাৰীৰ মাজৰ জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব ৷এই সপোনৰ অধিবেশন খনিকে লৈ এতিয়া সকলোশ্ৰেনীৰ ৰাইজৰ মাজত ব্যস্ততাৰ অন্ত নাই৷ দিন ৰাতিক একাকাৰ কৰি সকলোৱেই এতিয়া নিৰ্ম্মন কাৰ্য্যত শ্ৰমদান কৰি হতেকামে লাগি পৰা দেখিবলৈ পোৱা গৈছে৷ এই শ্ৰমদানৰ মাজতো অকৌ হৰিনাম লবলৈ পাহৰা নাই ৰাইজে। ইফালে অধিবেশন খনিলৈ কেইটামান দিন বাকী থকা আৱস্হাতো ভক্তপ্ৰাণ ৰাইজ ও আইমাতৃ সকলে জাতীয় সাজ পাৰ পৰিধান কৰি অধিবেশনস্থলীত পুৱাৰ পৰাই উপস্থিত হৈ ভক্তি ভৰা হৃদয় লৈ অস্হায়ী নামঘৰত সেৱা আগবঢ়াইছে সকলোৱে৷অংশ লৈছে খোল প্ৰসংগ নাম প্ৰসংগ আদি শংকৰী কলা সংস্কৃতিৰ কাৰ্য্যসুচীত।পুৱাৰ পৰাই হৰি নামৰে মুখৰিত হৈছে অধিবেশনৰ স্হলী জ্যেতি,-বিষ্ণু সমন্বয় ক্ষেত্ৰ ৷ ইফালে এইসকল ভক্তপ্ৰাণ ৰাইজ ও আইমাতৃ পূৱাই লক্ষীমপুৰৰ পৰা আহি হৰিনামত মতলীয়া হৈ পৰা দেখা গৈছে অধিৱেশন স্থলীত ৷ যি হৰিনামৰ ধৱনিয়ে দ্বিত্বিয় বৈকুণ্ঠ নগৰীলৈ ৰূপন্তৰিত কৰিছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ৷ অহা ২০২৭ বৰ্ষত লক্ষীমপুৰত অনুষ্ঠিত হব লগা এই শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ ৯৬ সংখ্যক ৰাজ্যিক অধিৱেশনৰ বাবে জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ অধিবেশনৰ আয়োজন আৰু পৰিবেশ পৰিস্থিতিৰ বুজ লবলৈ আহি হৰিনামত বিভোৰ হৈ পৰা দেখা গ'ল লক্ষীমপুৰীয়া ভক্তপ্ৰাণ ৰাইজক ৷ এই অধিৱেশন স্থলীৰ পৰা লক্ষীমপুৰলৈ কেনেকৈ ধৰ্মধ্বজা লৈ যাৱ,নামঘৰৰ চোৱা খুটা কেনেকৈ লৈ যাৱ তাৰেই আচঁনি প্ৰস্তুত কৰাত ব্যস্ত হোৱা দেখা গল এইসকল ভক্তপ্ৰাণ ৰাইজ ৷

5
578 views