logo

SR কাম নে সংখ্যালঘূ ভোট কৰ্তনৰ ষড়যন্ত্ৰ ?

SR কাম নে সংখ্যালঘূ ভোট কৰ্তনৰ ষড়যন্ত্ৰ?


অসমত চলি থকা Special Revision (SR) কাম এতিয়া কেৱল ভোটাৰ তালিকা সংশোধনৰ প্ৰশাসনিক প্ৰক্ৰিয়া হৈ থকা নাই; বহু ক্ষেত্ৰত এইটো সংখ্যালঘূ সমাজৰ ভোটাধিকাৰ হৰণৰ এক সংগঠিত হাতিয়াৰত পৰিণত হোৱাৰ অভিযোগ উঠিছে। এই প্ৰক্ৰিয়াৰ নামত যি ধৰণে নটিছ জাৰি কৰা হৈছে, সেয়া গণতান্ত্ৰিক মূল্যবোধ আৰু সংবিধানিক অধিকাৰৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ।
অভিযোগ আহিছে—এ ঠাইৰ মানুহে অইন ঠাইৰ মানুহক সন্দেহ কৰি মাত্ৰ এখন কাগজ বা মৌখিক অভিযোগ দিয়েই প্ৰশাসনক নটিছ পঠিয়াবলৈ বাধ্য কৰিছে। কোনো তদন্ত নাই, কোনো যাচাই নাই, নাই ন্যায়সংগত প্ৰক্ৰিয়া। মাথোঁ “সন্দেহ”। এই সন্দেহ কাক লৈ? অধিকাংশ ক্ষেত্ৰতে ধৰ্মীয় সংখ্যালঘূ নাগৰিকক লৈ।
প্ৰশ্ন উঠিছে—অসমত জন্ম হোৱা, বছৰ বছৰ ধৰি ইয়াত বাস কৰা, ভোট দি অহা মানুহ হঠাতে কেনেকৈ “সন্দেহজনক” হৈ পৰে? ভোটাৰ তালিকাত নাম থকাটো যদি আজিও অপৰাধ হয়, তেন্তে গণতন্ত্ৰৰ অৰ্থ কি?
SR কামৰ উদ্দেশ্য যদি তালিকা শুদ্ধ কৰা হয়, তেন্তে এই কাম নিৰপেক্ষ, স্বচ্ছ আৰু আইনী হ’ব লাগিব। কিন্তু যেতিয়া এই প্ৰক্ৰিয়াই বিশেষ এটা ধৰ্মীয় গোষ্ঠীক লক্ষ্য কৰি ভয়-ভীতি, হয়ৰানি আৰু অপমান সৃষ্টি কৰে, তেতিয়া ই স্পষ্ট হৈ উঠে যে এইটো সংশোধন নহয়—এইটো দমন।
সংবিধানে প্ৰদান কৰা ভোটাধিকাৰ কোনো দান নহয়, ই নাগৰিকৰ অধিকাৰ। সেই অধিকাৰ হৰণ কৰিবলৈ হলে সন্দেহ নহয়, প্ৰমাণ লাগে। আজি যদি অভিযোগৰ ভিত্তিত নটিছ পঠোৱা হয়, কাইলৈ কি হ’ব? কেৱল নাম বা পৰিচয়ৰ বাবেই ভোটাধিকাৰ কাঢ়ি লোৱা হ’ব নেকি?
এই ধৰণৰ পদক্ষেপে অসমত সামাজিক সম্প্ৰীতি ধ্বংস কৰিছে। একে ৰাজ্যৰ মানুহে আন মানুহক “বাহিৰা” বুলি চিনাক্ত কৰি প্ৰশাসনৰ ওচৰত অভিযোগ দিয়া এক বিপজ্জনক প্ৰৱণতা। এইটো গণতন্ত্ৰ নহয়—এইটো সামাজিক বিভাজন আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত খেল।
প্ৰশাসন আৰু নিৰ্বাচনী কৰ্তৃপক্ষলৈ প্ৰশ্ন—আপুনি কাৰ স্বাৰ্থত কাম কৰি আছে? সংবিধানৰ নে সন্দেহৰ? নাগৰিকৰ অধিকাৰ ৰক্ষাৰ নে কোনো বিশেষ ৰাজনৈতিক এজেণ্ডা সফল কৰাৰ?
এতিয়াই সময়—SR কামৰ নামত চলা এই হয়ৰানি বন্ধ হ’ব লাগিব। অভিযোগৰ ওপৰত নটিছ নহয়, ন্যায়সংগত তদন্ত হ’ব লাগিব। অন্যথা ইতিহাসে এই সময়ক গণতন্ত্ৰক দুৰ্বল কৰাৰ কাল হিচাপে মনত ৰাখিব।
ভোট অধিকাৰ হৰণ মানেই গণতন্ত্ৰ হত্যা। আৰু এই হত্যাক কেতিয়াও “প্ৰশাসনিক প্ৰক্ৰিয়া” বুলি ঢাকিব নোৱাৰি।

কুৰবান আলী আহমেদ
সভাপতি
ভাৰতীয় প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ পৰিষদ অসম প্ৰদেশ। ৯১০১২০২৬২০

1
574 views