logo

ৰাষ্ট্ৰীয় সন্মানৰে ডক্টৰ ৰাজীৱ কুমাৰ মহত্বয়ে গৌৰাম্বিত কৰিলে উত্তৰ-পূৰ্বাঞ্চলক

ৰাষ্ট্ৰীয় সন্মানৰে ডক্টৰ ৰাজীৱ কুমাৰ মহত্বয়ে গৌৰাম্বিত কৰিলে উত্তৰ-পূৰ্বাঞ্চলক

বিগত ৩৫ বছৰে নীৰৱে সাহিত্য চৰ্চা আৰু সামাজিক কামত জড়িত থাকি ভাল পোৱা উত্তৰ- পূৱৰ ড॰ ৰাজীৱ কুমাৰ মহত্ব পুনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিল৷ অসমৰ ডিব্ৰুগড় জিলাৰ এটা চাহ জনগোষ্ঠীৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা ড॰ ৰাজীৱ কুমাৰ মহত্বয়ে একনিষ্ঠভাৱে সাহিত্য-সংস্কৃতি চৰ্চাই অসমীয়া সাহিত্য-সংস্কৃতি ভঁৰাল চহকী কৰা ব্যক্তিগৰাকীয়ে নিজৰ উপাৰ্জিত ধনেৰে বহু দৰিদ্ৰ পৰিয়ালত হাঁহি বিৰিঙাই আহিছে৷ কেৱল অসমতেই সমাজ সেৱাৰ পৰিধীৰ পৰিসীমা সীমাবদ্ধ নাৰাখি বহিঃৰাজ্য যেনে - উৰিষ্যা, পশ্চিমবংগতো সেৱা আগবঢ়াই অহাৰ ফলত পশ্চিমবংগতো সন্মান বুটলিবলৈ সক্ষম হৈছে লগতে উত্তৰপূৱ জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি দায়িত্ব পালন কৰি আহিছে নিজৰ পৰিচয়ক সজোৰে ধৰি ৰখা ড॰ মহত্বয়ে মানৱতা প্ৰতিষ্ঠা কৰাত মনোনিৱেশ কৰি আহিছে৷ সমগ্ৰ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ চাহ শ্ৰমিকৰ সন্তান হৈও অসমীয়া ভাষা-সাহিত্যৰ চৰ্চাত মগ্ন হৈ ভালপোৱা ব্যক্তিগৰাকীৰ সাহিত্য-সংস্কৃতি-সংবাদ ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বহুকেইটা সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানে সন্মানিত কৰিছে৷ সমাজখনে সন্মুখীন হৈ অহা অন্ধবিশ্বাসৰ দৰে কৰাল গ্ৰাসৰ পৰা উলিয়াই আনিবলৈ ডাইনীৰ বিৰুদ্ধে জনমত গঠন কৰি বাগিচাই বাগিচাই ‘মাংৰী ডাইনী নহয়’ শীৰ্ষক গীতি-সাহিত্য এখনি আলেখ্য প্ৰদৰ্শন কৰি সমগ্ৰ ৰাজ্যখনত চৰ্চিত হৈ পৰা ড॰ ৰাজীৱ কুমাৰ মহত্বক শেষতীয়াভাৱে দিল্লী এক বিশেষ প্ৰতিষ্ঠানে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মানৰ লগতে বঁটা প্ৰদান কৰিছে৷ National Pride and Excellence Award ২০২৪ বঁটাৰে সন্মান যাচিব দিল্লীস্থত থকা Tretayuc Foundation নামৰ প্ৰতিষ্ঠানটোৱে গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি প্ৰদান কৰিবলৈ লোৱা সন্মানে চাহ জনগোষ্ঠী সমাজখনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ মানুহৰ ভাল-বেয়া, আলোচনা-সমালোচনাৰে নিজৰ কৰ্মজীৱন আগুৱাই নিয়ে৷ তেনেদৰে মহত্বদেৱে সংঘাটময় জীৱনৰে নিজৰ কেৰিয়াৰ নিৰ্মাণ কৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা বঁটাৰে সন্মান বুটলিবলৈ সক্ষম হৈছে৷ কৰ্ময়ে ধৰ্ম নীতিক বিশ্বাস কৰা ড॰ ৰাজীৱ কুমাৰ মহত্বয়ে নিজৰ কৰ্মৰে ভৱিষ্যত জীৱন গঢ়াত সফল হোৱাৰ কামনা কৰিলে উত্তৰপূৱ জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাস্নামণি গগৈ আৰু সাধাৰণ সম্পাদক তৰুণ গগৈয়ে।

3
200 views