logo

প্ৰকৃতিৰ পৰিবৰ্তন।

প্ৰকৃত পৰিবৰ্তনত
আহিছে বিৱৰ্তন।
আহিছে তাত ব্যৱধান
পৰিছে সকলোতে
তাৰ বিৰাজমান।
নাই আজি ক'তো সামঞ্জস্য
নহয় সংযোজন ।
আহিছে শীতৰ ঠাইত গ্ৰীষ্ম।
মনবোৰ হৈছে উম্ম
মানুহবোৰ হৈছে উন্মাদ।
পৰামৰ্শ বোৰ
হৈছে গৈ পাপ।
নাথাকে পৰামৰ্শত
আজি পাৰদৰ্শিতা
ঘটে তাত পৰাজয়।
পৰামৰ্শ বোৰ হ'ল
আজি প্ৰতি হিংসাৰ প্ৰতিবিম্ব।
হয় ঠাইত
সৰলজন হতভম্ব।
হয় আজি
অসম্ভৱো সম্ভৱ।
কথাবোৰ হয়গৈ
আজি বিবাদ।
বিবাদ হয়গৈ বিসম্বাদ।
আহে তাত বিচ্ছেদ।
হৈ যায় তাত বিধ্বস্ত
নাছিল তাত বিশ্বস্ত
কৰিছিল আকৃষ্ট।
নকৰিলা বিতুষ্ট ।
হলা তুমি নিজে বিবস্ত্ৰ।
নহয় আজি কোনো প্ৰকৃতগ্ৰস্থ
হয় আজি
সকলো অভাৱগ্ৰস্ত ।
কৰি দিব
তোমাক দুৰ্দশাগ্ৰস্ত
নাপাবা তাত নিষ্ঠাৰ ।
নাই আজি ধৰিত্ৰীত
ধৰ্ম ।
ঘটিছে প্ৰকৃতিত পৰিবৰ্তন।
কৰিবা তাত উৎঘাটন
নকৰিলে ঘটিব
কেতিয়াবা তাত অঘটন।
নহ'ব তাত বিৱৰ্তন
নহ'ব পৰিবৰ্তন
নিদিব অভিবাদন
থাকিব অভিযোগ।
দিবা অভিশাপ
নহ'ব কেৱল তোমাৰ
অভিলাষা পূৰণ। ছৈয়দ মহচিন

49
1082 views