
জামুগুৰিহাটত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত।
জামুগুৰিহাটত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত।
# পুনৰ বনৰীয়া হাতীয়ে বাসগৃহ ভাঙি কৰিলে তহিলং।
# ভৰাল ঘৰ ভাঙি ১৪ কুইন্টল ধান খাই কৰিলে উদং৷
# হাতী মানুহৰ সংঘাত বৃদ্ধিৰ আশংকা৷
জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত থকাত শংকিত হৈ পৰিছে গঞা ৰাইজ। হাতী মানুহৰ সংঘাত দিনকদিনে বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে বৃহত্তৰ জামুগুৰিহাটত ৷কিছুদিন ধৰি অঞ্চলটোত বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই জনসাধাৰনক আতংকিত কৰি ৰখাৰ পিছতো বনবিভাগে বনৰীয়া হাতী প্ৰতিৰোধৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহন কৰা নাই বুলি ৰাইজে অভিযোগ কৰিছে৷বুধবাৰৰ নিশা জামুগুৰিহাটৰ দীপাটোলা আৰু কৰতিপাৰ গাঁৱত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই বাসগৃহ আৰু ভৰাল ঘৰ আদি ভাঙি তহিলং কৰিছিল৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ পৰা খাদ্যৰ সন্ধানত নিশাৰ ভাগত ওলাই অহা বনৰীয়া হাতীৰ জাকে দীপাটোলা গাঁৱৰ ৰতন ভূজেলৰ বাসগৃহ ভাঙি বিস্তৰ ক্ষতি সাধন কৰাৰ পিছতে গাঁও খনৰে গংগা থাপা নামৰ লোকজনৰো গোহালি ঘৰ ভাঙি তহিলং কৰিছিল৷ ইয়াৰ পিছতে
যোৱা নিশাও প্ৰায় ১ মান বজাত পুনৰ বনৰীয়া হাতীৰ জাকে জামুগুৰিহাটৰে কৰতিপাৰ গাঁওখনত প্ৰৱেশ কৰি বিৰেন নাথ নামৰ লোকজনৰ ভৰাল ঘৰ ভাঙি নষ্ট কৰি প্ৰায় ১৪ কুইন্টল ধান খাই উদং কৰে ভৰাল৷ অৱশ্যে বনৰীয়া হাতীৰ আক্ৰমনৰ পৰা পৰিয়াল সমুহৰ লোক সকলৰ কথমপি প্ৰাণ ৰক্ষা পৰে৷বৰ্তমান বনৰীয়া হাতীৰ উপদ্ৰৱত আতংকিত গঞা ৰাইজে উজাগৰী নিশা পাৰ কৰিব লগীয়া অৱস্থাৰ সৃষ্টি হৈছে৷ অঞ্চলটোত বনৰীয়া হাতীৰ উপদ্ৰৱৰ খৱৰ পোৱাৰ পিছতে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা গাও সমুহত উপস্থিত হৈ বনৰীয়া হাতীৰ উপদ্ৰৱত ক্ষতিগ্ৰস্ত পৰিয়াল সমুহৰ ক্ষয়ক্ষতিৰ বুজ লৈ প্ৰশাসনৰ তৰফৰ প্ৰয়োজনীয় ক্ষতিপুৰন আদায় দিয়াৰ আশ্বাস প্ৰদান কৰে৷ লগতে বনবিভাগক বনৰীয়া হাতী প্ৰতিৰোধৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দ্দেশ প্ৰদান কৰে বিধায়ক গৰাকীয়ে৷