logo

লখিমপুৰধুনীয়াহল পুনৰ দুদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ ধুনীয়া কৰি গল

#লখিমপুৰধুনীয়াহল
পুনৰ দুদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ ধুনীয়া কৰি গঢ়ি তুলিবলৈ কৰ্মশ্ৰেষ্ঠ-সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ৰী ড০ হিমন্তবিশ্ব শৰ্মা ডাঙৰীয়াৰ লখিমপুৰলৈ আগমণ ঘটিছে।
আজি ৩৪ হাজাৰ আইমাতৃক অৰ্থনৈতিক ভাৱে ৰাজ্যখনক আগুৱাই নিবৰ বাবে মহিলা উদ্যমিতা আচনিৰ ধনৰাশি ভাগ বিতৰণ কৰিব।লগতে লখিমপুৰত নতুনকৈ নিৰ্মাণ হবলগীয়া আয়ুক্ত কাৰ্যালয়ৰ শিলান্যাস কৰিব।লখিমপুৰ বিশ্ববিদ্যালয়ৰ জহিং কেম্পাছ মুকলি কৰিব।

মুখ্যমন্ত্ৰী গৰাকীৰ আগমণৰ প্ৰাকমুহূৰ্তত লখিমপুৰ বিধান সভাৰ এক চমু বিশ্লেষণ আপোনালোকলৈ আগবঢ়ালো।
"লখিমপুৰ ধুনীয়া হ'ল"

২০২১ চনৰ বিধান সভা নিৰ্বাচনত লখিমপুৰ বিধান সভা সমষ্টিয়ে পোন প্ৰথমবাৰৰ বাবে ভাৰতীয় জনতাপাৰ্টীৰ এজন বিধায়ক লাভ কৰিলে।
তেওঁ হৈছে- মানৱ ডেকা। সম্ভৱত ২০২১ চনৰ সময়খণ্ডতো মানৱ ডেকা ডাঙৰীয়াৰ কৰ্মস্পৃহা আৰু উদ্যম লখিমপুৰৰ লগতে ৰাজ্যৰ বহুতেই জানিছিল। মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মা ডাঙৰীয়াৰ দৃষ্টিত কেতিয়াবাই মানৱ ডেকা ডাঙৰীয়াৰ মাজত থকা প্ৰতিভা আৰু কৰ্মস্পৃহা ধৰা পৰিছিল- গতিকে লখিমপুৰ বিধান সভা সমষ্টিৰ উন্নয়নৰ দায়িত্ব মানৱ ডেকাৰ কান্ধত অৰ্পন কৰি - লখিমপুৰত প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল।
এটা ধুসৰ আৰু উন্নয়ন-বিকাশৰ গতিৰ পৰা বঞ্চিত বান বিধস্ত সমষ্টি ৰূপে পৰিগণিত আছিল এই লখিমপুৰ বিধান সভা সমষ্টি। কংগ্ৰেছ দল আৰু আন আন দলসমূহে দীঘলীয়া সময় এই সমষ্টি প্ৰতিনিধিত্ব কৰিলে- কোনো-কোনো মন্ত্ৰী হৈ নিজৰ সা-সম্পত্তিৰ তালিকাও দীঘলীয়া কৰিলে- কিন্তু লখিমপুৰৰ উন্নয়ন নহল।
কিন্তু বিগত পাঁচ বছৰ বিধায়ক মানৱ ডেকা ডাঙৰীয়াই মাননীয় কৰ্মশ্ৰেষ্ঠ-সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মা ডাঙৰীয়াৰ আৰ্শীবাদত লখিমপুৰৰ পৰিৱেশ সলনি কৰি পেলালে।
লখিমপুৰ খন ধুনীয়া কৰি পেলালে।
আজি লখিমপুৰত
১) দুখনকৈ বিশ্ববিদ্যালয় হ'ল।
ক) লখিমপুৰ বিশ্ববিদ্যালয়
খ) মাধৱদেৱ বিশ্ববিদ্যালয়
২) লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হ'ল।
৩) কেঞ্চাৰ কেয়াৰ হস্পিটেল হ'ল।
৩) BSC নাৰ্চিং কলেজ হ'ল।
৪) চুপাৰ স্পেলিষ্ট হস্পিটেল হ'ল।
৫)ষ্টেডিয়াম হ'ল।
৬)নকাৰী ৰেলৱে ফ্লাই অভাৰ হল।
৭)আন্তঃৰাজ্যিক বাছ আস্থান (ISBT) হল।
৮)লখিমপুৰ বিশ্ববিদ্যালয়ৰ দ্বিতীয়টো জহিং চৌহদ হ'ল।
৯) পশু চিকিৎসা মহাবিদ্যালয়ৰ নতুন চৌহদ জহিঙত নিৰ্মাণ হল।
১০)কনভেনশ্বন চেন্টাৰ হ'ল।
১১)ভাৰতৰত্ন ড০ ভুপেন হাজৰিকা টাওন হল হ'ল।
১২)বগীনদী গেষ্ট হাউছ আৰু অডিটৰিয়াম হ'ল।
১৩)জিলা পৰিষদৰ নৱ নিৰ্মিত কাৰ্যালয় হ'ল।
১৪) ফুৰ্ডকড নিৰ্মাণ হ'ল।
১৫)লখিমপুৰ ৰহঢলা পুখুৰীৰ অমৃত সৰোবৰ অধীনত সৌন্দৰ্য্য বৰ্ধন কৰা হ'ল।
১৬)কৰ্টৰ সমুখত ক্লক টাৱাৰ নিৰ্মাণ কৰা হ'ল।
১৭)১০ খনকৈ দলং নিৰ্মাণ কৰা হ'ল।
১৮) ৩০০ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হ'ল।
১৯) মথাউৰি নিৰ্মাণৰ লগতে ২৭ কিলোমিটাৰ মথাউৰিৰ পথ পকীকৰণ কৰা হ'ল।
২০)লখিমপুৰ জিলা পুথিভঁৰাল নকৈ নিৰ্মাণ কৰা হ'ল।
২১) লখিমপুৰ ৰেলৱে ষ্টেচনৰ নৱীকৰণ কৰা হ'ল।
২২) তাৰকাগৃহ নিৰ্মাণ কৰা হ'ল।
২৩) 26 খন বিদ্যালয়- উচ্চ মাধ্যমিক বিদ্যালয় নৱ ভৱন নিৰ্মাণ।
২৪)পশু চিকিৎসা মহাবিদ্যালয়ৰ গেষ্ট হাউছ নিৰ্মাণ।
২৫)বগীনদী চিকিৎসালয়কে ধৰি ১০ খন গ্ৰাম্য চিকিৎসালয়ৰ উন্নীতকৰণ
২৬)নতুন আৱৰ্ত ভৱন নিৰ্মাণকে ধৰি অসংখ্য সৰু-বৰ স্হায়ী প্ৰকল্পৰ জৰিয়তে লখিমপুৰ খন ধুনীয়া কৰি তুলিলে।

ইয়াৰ উপৰিও যদি আমি চাওঁ- বিধান সভা সমষ্টিৰ- আন এক তথ্য চাওঁ-

ক) অৰুণোদই- ৩৪০০০ গৰাকী
খ)মহিলা উদ্যমিতা- ২৭৮০৪ গৰাকী
গ)নিযুত মইনা- ১২০০০ গৰাকী
ঘ) চৰকাৰী আবাস গৃহ- ১৩০০০ গৰাকী
ঙ) কৃষক সন্মান নিধি- ১১৮০০ গৰাকী।
চ) অসম দৰ্শনৰ অধীনত- ৩৬০ খন ধৰ্মীয় অনুষ্ঠানলৈ আৰ্থিক সহযোগীতা।
ছ) মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আচনিৰ অধীনত ২৫০+৭৫০ যুৱক-যুৱতীক ২লাখ টকাকৈ সহযোগ।
জ) ধৰ্মীয় ভাৱে ৰাসোৎসৱ আয়োজন কৰা ৮৫ খন সমিতিলৈ আৰ্থিক সহযোগ।
ঝ) অসমীয়া বাপতিসাহোন ৰঙালী বিহু উদযাপন কৰা- ৩০০ খন বিহু সমিতিক আৰ্থিক সহযোগিতা।
ঞ)ৰেচন কাৰ্ড সৰ্বমুঠ-৫৩০৩৯ গৰাকী।
ইয়াৰ উপৰিও অবৈধ বে-দখল উচ্চেদ, সত্ৰ সমূহৰ সুৰক্ষাৰ বাবে ব্যৱস্থা আৰু উন্নীতকৰণৰ বাবে সহযোগ কৰা হয়।বে-দখলকাৰীৰ কবলৰ পৰা ১৬০ বিঘাতকৈও অধিক ভুমি ফুকনৰহাটত উদ্ধাৰ কৰা হয়।
অপৰাধ প্ৰৱণতা ৰোধ কৰিবলৈ - আৰু আৰক্ষী ব্যৱস্থাটো আধুনিকীকৰণ কৰিবলৈ লখিমপুৰ সদৰ আৰক্ষী চৌহদ নতুনকৈ নিৰ্মাণ কৰা হয়।
গতিকে বিগত ৫ বছৰত মাননীয় কৰ্মশ্ৰেষ্ঠ-সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰ্শীবাদত ৩০০০ কোটিতকৈও অধিক স্হায়ী প্ৰকল্প নিৰ্মাণৰ লগতে
জনসেৱাৰ এক যুগান্তকাৰী পৰিৱৰ্তন লখিমপুৰ বিধান সভা সমষ্টিলৈ নামি আহিছে।ইয়াত কিয়দাংশ উন্নয়নৰ প্ৰসংগহে আমি দাঙি ধৰিলো।
এনেদৰেই লখিমপুৰক ধুনীয়া কৰি গঢ়ি তোলাৰ বাবে মাননীয় কৰ্মশ্ৰেষ্ঠ-সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মা ডাঙৰীয়ালৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো।

0
0 views