logo

মানকাচৰৰ হাজিৰহাটত দীৰ্ঘদিন ধৰি অবৈধ ভাবে চলি আছে বালি খনন

মানকাচৰৰ হাজিৰহাটত দীৰ্ঘদিন ধৰি অবৈধ ভাবে চলি আছে বালি খনন

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন প্ৰান্তত অবৈধভাৱে ব্ৰাহ্মপুত্ৰৰ নদীৰ বুকুত খনন কাৰ্য অব্যাহত আছে।বিশেষকৈ জিলাখনৰ সুখচৰ থানাৰ অন্তৰ্গত হাজিৰহাট ঢালুৱা মাৰি পাৰঘাটত অবৈধ ভাবে চলিছে বালি খনন

একাংশ ভূ-মাফিয়াই বন বিভাগ আৰু পৰিবহন বিভাগক মেনেজ কৰি ব্ৰহ্মপুত্ৰ নদীৰ বুকুত বালি খনন কাৰ্য চলাই অহাৰ অভিযোগ দীৰ্ঘদিনীয়া।

যাৰ ফলস্বৰূপে স্থানীয় ছাত্ৰ সংগঠনে বাৰম্বাৰ পৰিবহন আৰু বন বিভাগক লিখিত আৰু মৌখিক ভাৱে আবেদন জনাইছিল যদিও কোনো ধৰণৰ ফলাফল উলিওৱা নাছিল।যাৰ বাবে চিন্তিত হৈছিল নৈ পৰীয়া ৰাইজ।

আবুল কাশিমে বন বিভাগক মেনেজ কৰি জেচিবিৰে দিনে নিশাই অব্যাহত ৰাখিছে এই বলি খনন কাৰ্য

0
0 views