logo

বৰপেটা ৰোডত নৰ্থ ইষ্ট জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্হাৰ ৯ তম প্ৰতিষ্ঠা দিৱস উদযাপন

বৰপেটা ৰোডত নৰ্থ ইষ্ট জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্হাৰ ৯ তম প্ৰতিষ্ঠা দিৱস উদযাপন

গুৱাহাটী ২৮ ডিচেম্বৰ


নৰ্থ ইষ্ট জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্হাৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত নৰ্থ ইষ্ট জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সংস্থাৰ ৯ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে বৰপেটা ৰোডস্থিত ৰামুনজন একাডেমীৰ প্ৰাংগণত অতি উৎসাহ-উদ্দীপনাৰে উদ্‌যাপন কৰা হয়।
উক্ত কাৰ্যসূচীৰ আৰম্ভণি পুৱা ৯-৩০ বজাত পতাকা উত্তোলনৰ জৰিয়তে কৰা হয়। পতাকা উত্তোলনৰ কৰে নৰ্থ ইষ্ট জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্হাৰ কেন্দ্ৰীয় সভাপতি ৰাস্নামনি গগৈ, কেন্দ্রীয় কাৰ্যবাহী সভাপতি কুৰবান আলী আহমেদ আৰু বৰপেটা জিলা সভাপতি ইলিয়াছ হুছেইনে।পিছতে সংস্থাৰ আদৰ্শ আৰু লক্ষ্যৰ প্ৰতি শ্ৰদ্ধা জনাই সকলো সদস্যই সংগঠনৰ একতা আৰু দায়িত্ববোধ অটুট ৰাখিবলৈ সংকল্প গ্ৰহণ কৰে। ইয়াৰ পিছতে পৰিৱেশ সুৰক্ষাৰ প্ৰতি সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে এখন গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
পুৱা ৯-৪৫ বজাত কৰ্তব্য পালনকালত প্ৰাণ আহুতি দিয়া সাংবাদিকসকলৰ, জুবিন গাৰ্গ, আৰু স্বহীদ সকলোৰ স্মৃতিত এখন শ্ৰদ্ধাঞ্জলি আৰু স্মৃতি সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত উপস্থিত থকা সকলোয়ে ১ মিনিট মৌনব্ৰত পালন কৰা হয়। বক্তাসকলে কয় যে সাংবাদিকসকলৰ এই ত্যাগ সদায় সমাজৰ বাবে প্ৰেৰণাৰ উৎস হৈ থাকিব।
পুৱা ১১ঃ৩০ বজাত নৱশক্তি মহাবিদ্যালয় মুৰব্বী অধ্যাপক ছফিকুল ইছলামৰ পৌৰহিত্বতত অনুষ্ঠিত হোৱা মুকলি সভাত বহু গণ্যমান্য ব্যক্তি, জ্যেষ্ঠ সাংবাদিক, শিক্ষাবিদ, সাহিত্যিক আৰু সমাজকৰ্মীয়ে অংশগ্ৰহণ কৰে। সভাত বক্তাসকলে সাংবাদিকতাৰ নৈতিকতা, তথ্যৰ সত্যতা, ডিজিটেল মিডিয়াৰ দায়িত্বশীল ব্যৱহাৰ আৰু বৰ্তমান সময়ত সাংবাদিকসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাসমূহৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। লগতে সমাজ গঠনত সংবাদ মাধ্যমৰ ভূমিকা আৰু দায়িত্ব সম্পৰ্কে বিস্তৃত আলোচনা কৰা হয়।
ইয়াৰ উপৰিও পুৱা ১০ বজাত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখন চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাখন ‘ক’ শাখা আৰু ‘খ’ শাখাত বিভক্ত কৰি আয়োজন কৰা হৈছিল। এই প্ৰতিযোগিতাৰ জৰিয়তে শিশুসকলৰ সৃজনশীলতা বিকাশ আৰু সামাজিক বিষয়ৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ প্ৰচেষ্টা কৰা হয়।
পুৱা আবেলি ১ টা বজাত অনুষ্ঠিত হোৱা সাধাৰণ সভা আৰু সম্বৰ্ধনা অনুষ্ঠানত সাংবাদিকতা, শিক্ষা, সমাজসেৱা আদি বিভিন্ন ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা ব্যক্তি আৰু জ্যেষ্ঠ সাংবাদিকসকলক ফুলাম গামোছা আৰু স্মাৰক চিহ্নৰে সম্বৰ্ধনা জনোৱা হয়। বক্তাসকলে সম্বৰ্ধিত ব্যক্তিসকলৰ অৱদানৰ বিষয়ে উল্লেখ কৰি তেওঁলোকৰ পৰা আগন্তুক প্ৰজন্মে অনুপ্ৰেৰণা ল’ব বুলি মন্তব্য কৰে।
উক্ত অনুষ্ঠানত বহু বিশিষ্ট অতিথি, সম্পাদক, সাংবাদিক, শিক্ষাবিদ আৰু বিভিন্ন সংগঠনৰ প্ৰতিনিধিসকলে উপস্থিত থাকি অনুষ্ঠানৰ মৰ্যাদা বৃদ্ধি কৰে। সকলো অংশগ্ৰহণকাৰীৰ সক্ৰিয় সহযোগিতাৰ ফলস্বৰূপে অনুষ্ঠানটো সফলভাৱে সম্পন্ন হয়।
সাৰ্বিকভাৱে নৰ্থ ইষ্ট জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সংস্থাৰ বৰপেটা জিলা সমিতিৰ এই ৯ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদ্‌যাপন অনুষ্ঠান সাংবাদিকতা আৰু সমাজৰ মাজত এক শক্তিশালী সম্পৰ্ক গঢ়ি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হয়।

0
27 views