নিসংগতাৰ নিদাৰুণতা।
নিসংগতাৰ নিস্তেজ ৰূপটো বেমাৰ নে বিসংগতি। নিসংগতাৰ দুটা ৰূপ থাকে এটা স্থায়ী আনটো অস্থায়ী ।ইয়াৰে এজন হয় ৰুদ্ৰ আনজন হয় শান্ত ।স্থায়ী আৰু অস্থায়ী ৰুদ্ৰ বা শান্ত যি নহওঁক কিন্তু সকলোতে এটাই লক্ষণ ক্ৰোধিত। নিসংগতা প্ৰথম অৱস্থাত ৰোগ নহয় এটা সমস্যা। কিন্তু সমস্যাই ৰুগলৈ ৰূপান্তৰ হয়। আচলতে ই এক প্ৰকাৰ বৈষম্য আৰু বৈষম্যই বিসন্নতা লৈ ৰূপান্তৰ হৈ নিসংগ ৰোগত আক্ৰান্ত হয় তাৰ পিছত নিস্তেজলৈ গুচি যায়।বৈষম্য মানে বাল্যকালত অধিক বাধ্যবাধকতা বা অৱৰোধ।এই অৱৰোধ তেতিয়া হয় অবাবত বালকক অব্যাহতি নিদিয়ে লগৰীয়া সৈতে যেতিয়া খেলিবলৈ নাপায়।শিশু কোমল মনটো ক্ৰোধান্বিত হয়। আনহাতে এখন ঘৰত অৱদান সকলোৱে থাকে কিন্তু যেতিয়া এজনৰ অৱদান একেবাৰে অমান্য কৰা হয় তেতিয়া মনতো অমান্তি হৈ পৰে । অৱদানৰ যি ব্যৱধান দেখা পালে বিষন্নতা দৌৰি আহে আৰু হৈ পৰে জীৱন বিপন্ন।মৰম যেতিয়া এজনক দিয়া হয় আনজন মাৰাত্মক বা মৌন হৈ পৰে ।এই মৌনতাই পিছলৈ মনোৰোগলৈ পদ্দোনতি লয়। তাৰ পিছত ব্যক্তিয়ে কোনো বাধা নিদিয়াকৈ নিসংকোচে নিসংগতাক আকোঁৱালি লয়।সেইয়া যেন আৰম্ভণি নিসংগতাৰ নতুন কুঁহিপাত। কিন্তু এই বস্তুবোৰ এদিনত নহয় বা আকস্মিক বিপদ বা সমস্যাই সাধাৰণতে স্থায়ী নিসংগতাৰ স্থায়িত্ব স্থাপন কৰিব নোৱাৰে।আকস্মিক আঘাতে এনে পৰ্য্যায় লৈ যাব নোৱাৰে । কিন্তু শৈশৱ কৈশোৰ বালক অৱস্থাত থকা ব্যৱধান, বৈষম্য,আৰু বিশৃংখলতাৰ বাবে নিষ্ঠুৰতা সন্মূখীন হয় য'ত সন্মানিত নহয় সমোলোচনা কৰে। বা কেৱল সৰস্বতীৰ সৈতে সহপাঠী হ'ব পাৰিব এনেকুৱা প্ৰতিবন্ধকতা সৃষ্টি কৰে। তেতিয়া শিশু মনটোৱে প্ৰতিবাদ কৰে আৰু যেতিয়া প্ৰতিবাদ কোনোবা বিশেষে শক্তিৰে প্ৰতিৰোধ কৰে তেতিয়া পুণাকণ মানসিক প্ৰতিবন্ধকতাৰ দিশে গতি কৰে ।পুণাকণে পৰবৰ্তী পৰ্য্যায়ত পৰিচয় হেৰুৱায়। জটিল সমাজ জটিল জীৱন জটিল আচৰণত পুনাকনে পৰিচয় দিবলৈ যথেষ্ট যুঁজ দিব লগা হয় আৰু জীৱনত কেতিয়াও সফল নহ'ব বা নিসংগতাক বিদায় দিব নোৱাৰিব। অৱশ্যে ঔষধৰ জৰিয়তে জীৱনৰ যাৱতীয় কামবোৰত যাতায়ত কৰাত জটিলতাৰ সৃষ্টি নহয়। ঔষধে কেতিয়াও ইয়াক শেষ কৰিব নোৱাৰে ।যদি আপুনি দীৰ্ঘস্থায়ী স্থায়ী সমস্যাৰ সৈতে সমিল মিলেৰে বাস কৰিছে মেদেনিত নিসংগতাই মেলানি মগাত কোনো কাৰণতে মান্তি নহ'ব। আনহাতে অস্থায়ী নিসংগতা হ্ৰস্বকালিন ভাৱে কোনো ঘৰুৱা বিপদত লটি ঘটি হোৱা নিসংগতা নিসংকোচে সোমাই আহিছে। তেতিয়া হ'লে আপোনাৰ সঠিক সিদ্ধান্ত বিপদ মুক্ত সময় বা সামান্য ঔষধৰ জৰিয়তে আপোনি নিসংগতাক স্থায়ীভাৱে হস্তান্তৰ বা হত্যা কৰিব পাৰিব। কিন্তু স্থায়ী নিসংগতাৰ নিস্তেজ ৰূপতো কেতিয়াও নাযাব। গতিকে কব পাৰি আমাৰ শিক্ষিত মানৱৰ উদাসীনতাই নিসংগতাৰ বিসংগতি হৈ উদাসলৈ পৰিণত হয় । তেতিয়া বেলি উদয় নহয় কেৱল অস্ত যোৱা সূৰ্য্যৰ চাপ বা আন্ধাৰ মুখত প্ৰতিচ্ছবি প্ৰতিফলিত হৈ অস্তিত্বৰ সংকট কঢ়িয়াই আনে। ছৈয়দ মহচিন।