logo

হালাকুৰাত ভাৰতীয় জনতা যুৱ মৰ্চা ধুবুৰী জিলাৰ উদ্যোগত শ্বহীদ দিৱস পালন

ভাৰতীয় জনতা যুৱ মৰ্চা ধুবুৰী‌ জিলাৰ উদ্যোগত আজি ৰাতিপুৱা ১০ বজাত শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি সাৰ্বজনীন হালাকুৰা হৰিৰধাম প্রাঙ্গণ, বিদ্যাৰডাৱৰী (হালাকুৰা আৰক্ষী চকীৰ সম্মুখত) এখন বিশেষ কাৰ্যক্ৰমৰ আয়োজন কৰা হয় ধুবুৰী জিলা যুৱ মৰ্চাৰ সভাপতি শ্ৰীসৌৰভ দেৰ সভাপতিত্বত, কাৰ্যক্ৰমত যুৱা মৰ্চাৰ জিলা বিষয় ববিয়া,বিজেপিৰ বিভিন্ন মণ্ডলৰ মণ্ডল যুৱ মৰ্চাৰ বিষয় ববিয়াৰ সহযোগ আগবঢ়ায়। উক্ত অনুষ্ঠানত যুৱ মৰ্চাৰ আমন্ত্ৰন মৰ্মে অনুষ্ঠানটোত উপস্থিত থাকে ধুবুৰী জিলাৰ সভাপতি "শ্ৰীৰঞ্জিত কুমাৰ ৰায়, ৬নং গোলকগঞ্জ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক "শ্ৰীঅশ্বিনী ৰায় সৰকাৰ," বিজেপি দলৰ ধুবুৰী জিলা বিষয় ববিয়া‌ আৰু সকলো মণ্ডলৰ মণ্ডল বিষয় ববিয়া তথা মণ্ডল যুৱ মৰ্চাৰ বিষয় ববিয়া‌ৰ লগতে উপস্থিত থাকে অসম আন্দোলনৰ লগত জৰিত হোৱাৰ অপৰাধত সেই সময়ৰ নিৰ্য্যাতিত হোৱা চাৰি গৰাকী আন্দোলনকাৰী বিশিষ্ঠ ব্যক্তিসকল------ । আজি শ্বহীদ দিৱসৰ পবিত্ৰ ক্ষনত ধুবুৰী জিলা বিজেপি যুৱ মৰ্চাই অনুষ্ঠানটিৰ শুভৰাম্ভনী কৰে শ্বহীদ বেদীত মাল্য অৰ্পন আৰু বন্তি প্ৰজ্বলনৰে। লগতে অসম আন্দোলনৰ সময়ত জৰিত হোৱাৰ অপৰাধত নিৰ্য্যাতিত হোৱা চৰিগৰাকী ব্যক্তিক এই অনুষ্ঠানৰ জৰিয়তে বিশেষ ভাবে সন্মান প্ৰদান কৰা হয় যুৱ মৰ্চাৰ ফালৰ পৰা । অনুষ্ঠানত অসম আন্দোলনৰ বহুত স্মৃতি আৰু বিভিন্ন উল্লেখনিয় ইতিহাসৰ কথা বক্তব্যৰ মাধ্যমৰে দাঙি ধৰে উপস্থিত বিশিষ্ঠ ব্যক্তিসকলে। বক্তাসকলে কয় যে- অসম আন্দোলন যি কাৰণত, যি উদ্দেশ্যক আগত ৰাখি ৮৫৫ গৰাকী ব্যক্তিয়ে নিজৰ তেজ দি শ্বহীদ হৈছিল -সেই উদ্দেশ্যক বৰ্তমানেও আমি জীয়াই ৰখাৰ প্ৰয়োজন আছে। অসম আৰু অসমৰ খিলজীয়া জাতি জনগোষ্ঠীয় ৰাইজৰ জাতি মাটি ভেঁটিৰ অস্তিত্বৰ ৰক্ষা কৰিবলৈ হলে,আমি প্ৰতিজন অসমীয়াই অসম আন্দোলনৰ ইতিহাসক সদায়ে বকুৰ মাজত আগ্নি শিখাৰ দৰে জ্বলায়ে ৰাখিব লাগিব,ভৱিষ্যতে অসমী আইৰ প্ৰতি,অসমীয়াৰ জাতিৰ অস্তিত্বৰ প্ৰতি যদি ভাবুকি আহে,তেনেহলে আকৌ আমি "আহ ওলাই আহ" কোৱাৰ লগে লগে একত্ৰিত হৈ ওলাই আহিবলৈ সাজু থাকিব লাগিব বুলি বক্তাসকলে নিজৰ বক্তব্যৰ মাধ্যমৰে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে।

26
1173 views