
গোলকগঞ্জ সমষ্টি ভিত্তিক PMAY গৃহৰ অনুমোদন পত্ৰ বিতৰন
আজি আগমনী উন্নয়ন খণ্ড প্ৰেক্ষাগৃহত অনুষ্ঠিত গোলকগঞ্জ বিধানসভা সমষ্টি ভিক্তিক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত হিতাধিকাৰী সকলৰ মাজত অনুমোদন পত্ৰ প্ৰদান কাৰ্যসূচীত মুখ্য অতিথি ৰূপে উপস্থিত থাকে গোলকগঞ্জ সমষ্টিৰ প্ৰক্তান শ্ৰীবিধায়ক অশ্বিনী ৰায় সৰকাৰ, ধুবুৰী জিলা বিজেপিৰ সভাপতি শ্ৰীৰঞ্জিত কুমাৰ ৰায়,গোলকগঞ্জ সমজিলাৰ CDC , আগমনী আৰু গলোকগঞ্জ খণ্ড উন্নয়ন বিষয়া। মন কৰিবলগীয়া বিষয় যে অসম চৰকাৰে PMAY আঁচনীৰ ঘৰ দিয়াৰ লগতে প্ৰতিবাৰে এক ভিন্ন কাৰ্যক্ৰমৰ জৰিয়তে ৰাইজৰ মাজত গৈ বা ৰাইজক লৈ এক একখন অনুষ্ঠানৰ ব্যৱস্থা কৰে। যাৰ ফলত ৰাইজ এতিয়া আশ্বস্ত হৈছে যে, অসম চৰকাৰে যিদৰে বিভিন্ন আঁচনি ৰাইজক দিয়াৰ ক্ষেত্ৰত স্বচ্ছ আৰু নিকা পৰিবেশৰ ৰঙনা কৰিছে,ইয়াত একাংশ মধ্যভোগীয়ে কোনোধৰনৰ দূৰ্ণীতি কৰাৰ সুবিধা পোৱা নাই। আজিৰ উক্ত সভাত বক্তাসকলে অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ সফল ৰূপায়ন সম্পৰ্কে আৰু আগন্তক দিনত চৰকাৰৰ বিভিন্ন জন্যকল্যাণমূলক আঁচনিৰ ৰুপায়নৰ সৎইচ্ছা সম্পৰ্কে বিভিন্ন দিশ ৰাইজক ভাষনৰ জৰিয়তে অৱগত কৰায়। সভাত PMAY অনুমোদন পত্ৰ পোৱা উপস্থিত মহিলা সকলে অসম চৰকাৰক আৰু অসমৰ মাননীয় মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনায়।