
আগন্তক অসম বিধানসভা নিৰ্বাচনক লৈ ৬ নং গোলকগঞ্জ সমষ্টিৰ বিজেপি বুথৰ কাৰ্যকৰ্তাৰ গুৰুত্বপূৰ্ন কৰ্মশালা আৰু SR সফল ভাবে ৰূপায়নৰ প্ৰস্তুতি
আজি ভাৰতীয় জনতা পাৰ্টি ধুবুৰী জিলাৰ অন্তৰ্গত ৬ নং গোলকগঞ্জ বিধানসভা সমষ্টিত,আগন্তক অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ প্ৰস্তুতিৰে বিজেপি দলৰ নিৰ্বাচনী দায়িত্বত থকা বিজেপি বুথৰ কাৰ্যকৰ্তা সকলকলৈ, বিজেপি ধুবুৰী জিলাৰ সভাপতি শ্ৰীযুত ৰঞ্জিত কুমাৰ ৰায়ৰ" সভাপতিত্বত এক গুৰুত্বপূৰ্ন কৰ্মশালাৰ আয়োজন কৰা হয় চিলাৰায় হৰিমন্দিৰ প্ৰঙ্গনত। উল্লেখ থাকে যে নিৰ্বাচনৰ পূৰ্বে সমগ্ৰ অসমত ভোটাৰ তালিকা নিৰক্ষনৰ বাবে SR ক লৈ চৰকাৰে ইতিমধ্যে ব্যৱস্থা গ্ৰহন কৰিছে। চৰকাৰৰ এই পদক্ষেপক সফলতা পূৰ্বক ৰূপায়ন কৰাৰ উদ্দেশ্যে প্ৰস্তুতি চলাই আছে ৬ নং গোলকগঞ্জ বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতা কৰ্মীয়ে। বিজেপি দলৰ বুথৰ নিৰ্বাচনী কাৰ্যকৰ্তা সকলৰ SR ৰ সময়খিনিত কৰিবলগীয়া কাৰ্য্য প্ৰনালী সম্পৰ্কে মূখ্য বক্তা হিচাপে সবিশেষ উপস্থাপন কৰে- ৬ নং গোলকগঞ্জ সমষ্টিৰ প্ৰাক্তন বিধায়ক "শ্ৰী অশ্বিনী ৰায় সৰকাৰ" আৰু ৰাজ্যিকৰ পৰা ধুবুৰী লোকসভা সমষ্টিৰ SR সম্পৰ্কে দলীয় মূখ্য প্ৰবক্তা হিচাপে উপস্থিত থাকে "শ্ৰী অনিল দাস" । লগতে মঞ্চত উপস্থিত থাকে গোলকগঞ্জ বিধানসভা সমষ্টিৰ প্ৰভাৰী "শ্ৰী নিৰ্মাল্য পাল" , গোলকগঞ্জ বিধানসভা সমষ্টিৰ সংযোজক "শ্ৰী অনিল বৰ্মন" ধুবুৰী জিলা SR ৰৰ সংযোজক "শ্ৰীসোমনাথ বনিক", গোলকগঞ্জ সমষ্টি ভিত্তিক বুথ লেভেল এজেণ্ট-১(BLA-1)"শ্ৰী দেবপ্ৰসাদ সিংহ", লগতে উপস্থিত থাকে বিজেপি ৰাজ্যিক আৰু জিলা পৰ্য্যায়ৰ বিভিন্ন দায়িত্বৰত নেতৃত্ববৃন্দ। এই সভাখনত বিশেষকৈ উপস্থিত থাকে গোলকগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত চাৰিখন মণ্ডল ক্ৰমে গৌৰীপুৰ, গোলকগঞ্জ,আগমনী আৰু হালাকুৰা মণ্ডলৰ মণ্ডল সভাপতি সকল আৰু বুথত দায়িত্বৰত কাৰ্যকৰ্তাবৃন্দ সকল।