মই প্ৰতিবন্ধী।
মই প্ৰতিবন্ধী
ঈশ্বৰৰ দিলে
প্ৰত্যাহবান।
সকলো কৰে
মোক প্ৰত্যাখ্যান।
শুনিবা তোমালোকে
প্ৰতি মুহূৰ্ত্তত মোৰ ধ্বনি।
সেইয়া হয়তো দোষৰ ধ্বনি
নহয় সেইয়া বিজয়ৰ ধ্বনি ।
হ'ব প্ৰবঞ্চনা অৱহেলাৰ ধ্বনি।
হয় মই প্ৰতিবন্ধী
নকৰিবা মোক গৃহবন্দী
নকৰিবা নজৰ বন্দী
নকৰিবা পণবন্দি।
বৈ যাব বিচাৰোঁ নদীৰ দৰে।
নিদিবা তাত বান্ধ
আহিব প্ৰলয়
নিব মোক উতোৱাই।
মই প্ৰতিবন্ধী বিচাৰোঁ
তোমালোকৰ সৈতে
প্ৰতিযোগিতাত
অংশগ্ৰহণ কৰিব ।
নোৱাৰে মই আছে মোৰ
শৰীৰত প্ৰতিবন্ধকতা।
তথাপি বিচাৰোঁ
তোমালোকৰ
সৈতে উৰিবলৈ
কিন্তু নোৱাৰোঁ মই ।
প্ৰতিবন্ধকতাই
কৰে তাত প্ৰতিৰোধ
তাতে তোমালোকে
কৰা তাত অৱৰোধ।
হয় মই প্ৰতিবন্ধী নাই পোহৰ
পাওঁ সকলোতে আন্ধাৰ।
নাথাকে মোৰ প্ৰয়োজন।
নাথাকে মোৰ গুৰুত্ব
নাথাকে মোৰ কাম
নাথাকে মোৰ কতো স্থান।
নাই মোৰ কতো অস্তিত্ব।
হয় যে মই শাৰিৰীক নতুবা
মানসিক ভাৱে বাধাগ্ৰস্ত।
ছৈয়দ মহচিন।