logo

মৌকোঁহৰ উদ্যোগত সদৌ অসম ভিত্তিত পুৰণি কথাছবি গীতৰ প্ৰতিযোগিতা

নিজা প্ৰতিবেদক মৰাণ, ১ ডিচেম্বৰ:- চৰাইদেউ আৰু ডিব্ৰুগড় জিলা অন্তৰ্গত বৃহত্তৰ মৰাণ অঞ্চলৰ অগ্ৰণী শিশুপ্ৰতিভা বিকাশ অনুষ্ঠান মৌকোঁহে বিগতবৰ্ষৰ দৰে এইবছৰো ২৮ ডিচেম্বৰত অসমৰ পুৰণি কথাছবি গীতৰ এখনি প্ৰতিযোগিতা সদৌ অসম ভিত্তিত খুমটাই বাগিচা মধ্যমধ্য ইংৰাজী বিদ্যালয়ৰ পদ্মনাথ গোহাঞিবৰুৱা প্ৰেক্ষাগৃহত আয়োজন কৰিছে৷
উদ্যোক্তাসকলে জনোৱা মতে অষ্টম শ্রেণীলৈকে মুকলি এই পুৰণি অসমীয়া কথাছবি গীত প্ৰতিযোগিতাত অংশগ্রহণ কৰা প্ৰতিযোগীসকলে শ্ৰেষ্ঠতা ভিত্তিত প্ৰথম শ্ৰেষ্ঠজনে সমাজসেৱিকা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী নৱলতা ফুলকোঁৱৰে আগবঢ়োৱা প্ৰয়াত সমাজসেৱক অৱসৰপ্ৰাপ্ত শিক্ষক কামিনীমোহন চেতিয়া আৰু ধৰ্মপ্ৰাণ ,সমাজসেবক সৰুৰাম ফুলকোঁৱৰ,সোঁৱৰণী চলন্ত বঁটা, মানপত্ৰ, নগদ(১০০০০.০০)দহ হাজাৰ টকা, দ্বিতীয় শ্ৰেষ্ঠজনে মৰাণ জাতীয় বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দিব্যজ্যোতি গগৈয়ে আগবঢ়োৱা ধৰ্মপ্ৰাণা, সমাজসেবিকা মহিলা প্ৰয়াত হীৰা গগৈ সোঁৱৰণী চলন্ত বঁটা, মানপত্র ,নগদ (৭০০০.০০)সাতহাজাৰ টকা, তৃতীয় শ্ৰেষ্ঠজনে ৰং এণ্ড ৰিদম মিউজিক কলেজৰ সঞ্চালক ড০শুভজ্যোতি মহনে আগবঢ়োৱা সমাজসেৱিকা ,ধৰ্মপ্ৰাণা মহিলা,আইনাম, বিহুনাম, দিহানামৰ নামতি ৰহেশ্বৰী মহনৰ সোঁৱৰণী চলন্ত বঁটা, মানপত্ৰ, নগদ(৪০০০.০০)চাৰিহাজাৰ টকাৰ লগতে দহজনশ্ৰেষ্ঠ প্ৰতিযোগীক বিচাৰকৰ বিশেষ পুৰস্কাৰেৰে পুৰস্কৃত কৰিব। । নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা সকলো ছাত্র-ছাত্ৰীৰ বাবে মুকলি থকা এই প্ৰতিযোগিতাত চূড়ান্ত প্ৰতিযোগিতাত কেৱল নিৰ্বাচিত প্ৰতিযোগীয়ে অংশগ্রহণ কৰিব পাৰিব। এই প্ৰতিযোগীসকলক জুৰিবৰ্ডে নিৰ্বাচন কৰিব।স্মৰ্তব্য যে কোনো প্ৰতিযোগীয়ে প্ৰতিযোগিতাত অংশগ্রহণ বাবে ভৰ্তি মাচুল দিব নালাগে। প্ৰতিযোগিতাত অংশগ্রহণৰ বাবে ইচ্ছুক প্ৰতিযোগীয়ে নিৰ্দিষ্ট নিয়মাৱলী জানিবলৈ তলত দিয়া ৯৯৫৪৪১৫৮৫২, ৯৮৬৪৮৭০০৫৯, ৯৯৫৪৬২৮২০৮,৬০০১৬৭৫৫৫১,৯১০১৪৬১৪১৪ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব।

22
1342 views