logo

শিকলি

শিকলি।
প্ৰকাণ্ড শিকলিৰে বান্ধিছা।
হয় জানো
মই শিলৰ দৰে কঠিন।
আছে যানে মোৰ শক্তি
পাহাৰ পৰ্বত
শৃংগ বগৱালৈ।
তেনেহলে কিহৰ শংকা
হৈছা যেন সংকিত।
আহিছা সংঘবদ্ধ হৈ
সংঘটিত ৰূপত।
কৰিছা আক্ৰমণ।
আছে জানো ৰূপ
আছে জানো সৈন্দৰ্য্য।
আছে জানো মোৰ সম্পদ
আছে জানো
নো মোৰ প্ৰজ্ঞা
হৈ জানো মই বিদ্বান।
কৰিছোঁ জানো আক্ৰমণ
হৈছা জানো আক্ৰান্ত
কৰিছা তেনেহলে
মোক কিয় বিভ্ৰান্ত।
নহয় মই কাৰো বৈৰি।
বিধাতা সৃষ্টিত
আছে মোৰ বাধা
তাৰ পিছতো
ৰাধা হৈ আহিছা
কিয় ৰণাংগনত
মোক ৰোধিবলৈ।
ৰক্ত সৈতে ৰণে
নেখেলো কিন্তু ৰণে
বিচাৰিছিল
মোৰ বাবে ৰক্ত
নাছিল মোৰ গাত ৰক্ত
কৰিলোঁ হাহাকাৰ।
নাহিলা কোনো
নাপালোঁ উদ্ধাৰ।
ললো বিদায
কৰিবা বিৰাম্ভনা
আহিব মোৰ বিপদ
এৰি লাগিব ধৰিত্ৰীক
ভবা নাছিলোঁ।
নকৰিলা সহায়
নাথাকিল মোৰ প্ৰাণ
চলাইছিলো আপ্ৰাণ
চেষ্টা নহলো সফল।
তাতে তোমালোকে
বান্ধিলা
শিকলিৰে ৰণক।
ৰণ নাই কৰিলে
সকলোৱে
মোৰ সৈতে
কৰিলে পণ
কৰিলে মহাৰণ।
নাই মোৰ যুদ্ধৰ কৈশল
নাজানো কৰিব
নোৱাৰোঁ আক্ৰমণ।
নকৰোঁ মই যুদ্ধ
নালাগে মোৰ ভাল।
মোৰ ৰণুৱা ঘোঁৰা
আছিল ৰণ।
দেখিলে নাহে
কোনো কাষত
ৰখি যায় মোৰ প্ৰাণ ।
নাছিল ৰণ
হ'লো
মই বিধ্বস্ত
নাথাকিল
মোৰ জীৱন। ছৈয়দ মহচিন।

96
1162 views