logo

*ধেমাজী BCB কেয়াৰ হস্পিটেল কৰ্তৃপক্ষৰ নাট্য-ভাস্কৰ দুলাল ৰয় ডাঙৰীয়ালৈ সম্বৰ্ধনা*

ধেমাজি জিলা প্রেক্ষাগৃহত অনুষ্ঠিত হোৱা ৪৮ সংখ্যক সদৌ অসম পদ্মনাথ গোহাঞিবৰুৱাৰ সোৱৰণী একাংক নাট প্ৰতিযোগিতাত সদৌ অসম নাট সন্মিলনৰ প্ৰাক্তন সভাপতি তথা নাট্য - ভাস্কৰ দুলাল ৰয় ডাঙৰীয়ালৈ ধেমাজী BCB কেয়াৰ হস্পিটেল কৰ্তৃপক্ষৰ তৰফৰ পৰা স্বত্বাধিকাৰ ডা: পূৰ্ণ কান্ত বৰুৱাৰ লগতে তেখেতৰ সহধৰ্মিনী তথা লক্ষীমপুৰ স্বাস্থ্য মহাবিদ্যালয়ৰ সহকাৰী উপাধ্যক্ষা ডা: হিৰণ্য বৰাই এখনি মানপত্ৰৰ লগতে নগদ ৫১০০০হাজাৰ টকাৰ চেকৰ জৰিয়তে সম্বৰ্ধনা জ্ঞাপন কৰে।
উক্ত অনুষ্ঠানত প্ৰাক্তন অধ্যক্ষ ড:বুধিন বৰুৱা , বিশিষ্ট লেখক নিবেদিতা পেগু, তথা ধেমাজি নগৰ উন্নয়নৰ তোলন কোঁৱৰ লগতে কেইবাজনো ব্যক্তি উপস্থিত থাকে
উক্ত অনুষ্ঠানৰ আঁত ধৰে বিশিষ্ট ব্যৱসায়ী দেৱজিৎ দাসে, ড: বুধিন বৰুৱাই সভাপতিত্বত কৰা অনুষ্ঠানত লক্ষীমপুৰ স্বাস্থ্য মহাবিদ্যালয়ৰ উপাধ্যক্ষা ডাঃ হিৰণ্য বৰাই বন্তি প্ৰজ্বলনৰ লগতে সাৰুৱা বক্তব্যৰে একাংক নাট প্ৰতিযোগিতাখনিৰ শুভ উদোধনী কৰে।

5
169 views