logo

সাগৰ বুকুতে দিলা বিদায়।

সাগৰতে বুকুতে দিলা বিদায়।
দিওঁ এতিয়া কেনেকৈ ব্ৰম্মক বুজনি।
বজ্ৰপাত আহিল যে উৰি
পৰিল যেন ব্ৰহ্ম মূৰত।
নাই আজি ব্ৰহ্মৰ আনন্দ
হ'ল আজি নিৰানন্দ।
নিৰাশা হতাশাই
ব্ৰম্মই কৰিছে বিননি।
বৈৰি বন্ধু সকলো কৰিছে দোষ
বতাহত বাঢ়িছে ব্ৰহ্মৰ বিননি।
নকৰে কিন্তু কাকো আমনি
নাই তাৰ আপত্তি।
নাই তাৰ হাহিঁ
হ'ল যেন তাৰ মুখৰ মাত মিহি।
মনিষ হ'ল মুগ্ধ
নকৰে তাক অগ্নিদগ্ধ।
সাগৰে নাপালে গম
আছে যে তোমাৰ মহিমা
নোকোৱা তুমি গৰিমা বিষয়ে।
গৰিমাত থাকে অহংকাৰ
নালাগে তোমাৰ ভাল।
ঘটিল তাতে তোমাৰ কাল।
আজি তোমাৰ জটিল ৰোগ
যাবলৈ দিব নে লাগিছিল ছিংগাপুৰলৈ
পালা তাত যন্ত্ৰণা দিবলৈ
নাছিল সান্তনা
নাছিল তাত সৰল
আছিল তাত জটিল সমাজ।
হ'ল তোমাৰ সলিল সমাধি।
ব্ৰম্মই ভাবিছিল
আছে তোমাৰ কৰ্ম
আছে তোমাৰ পূণ্য।
কৰিলা ব্ৰহ্মৰ বহু সপোন পূৰণ।
হলা তুমি সফল ললা
বিদেশতো তুমি
সকলোকে আকোঁৱালি।
আছিল জ্যোতি হ'ল সকলো
খুতি নাতি পৰিস্কাৰ।
নালাগে আজি বেলেগকৈ আবিস্কাৰ।
নকৰোঁ কাকো
তিৰস্কাৰ নোপোৱা
তুমি ভাল সেয়েহে ব্ৰম্ম হ'ল নিৰৱ।
আছে ব্ৰম্মৰ বিৰলতা
ঘটিব পাৰে বিৰল ঘটনা।
নাথাকে তাত আপোন পৰ।
দিলা কেৱল ব্ৰম্মক বিদায়।
আহিলা তুমি বেৰি হোৱাইট হয়।
দিলা বিদায় মাগিলা মেলানি
কপিছেঁ মেদেনি।
নাই আজি কাৰো মনৰ শান্তি। ছৈয়দ মহচিন।

0
5 views