logo

প্ৰেম।

প্ৰেম
প্ৰেম মানে প্ৰশান্ত
নহয় সি ক্লান্ত।
আছে তাৰ অক্লান্ত শ্ৰম।
শ্ৰমহে সি জগত জিনিব
কৰিব সি সকলোকে সহায়
লাগে তাক অলপ মৰম।
নোপোৱাৰ যি বেদনা
পাবলৈ যাৰ থাকে
দূৰ্বাৰ হেপাহ
শৰীৰ মন তেতিয়া
সকলো হয় চঞ্চল ।
থাকে বহু আবেগ
নাম যাৰ প্ৰেম।
প্ৰেম মানে পৰমেশ্বৰ
প্ৰেম মানে প্ৰতিমা
কৰা হয় তেওঁক পূজা
মানি লোৱা হয় তেওঁৰ
সকলো নিৰ্দেশ নিৰ্দেশনা ।
নাথাকে তাত অভিযোগ
নাথাকে ওজৰ আপত্তি।
কেৱল সোঁৱৰাই দিয়া হয়
নাজাবা মোক আতৰি।
নাজাবা মোক
অশ্ৰু সাগৰ কৰি ।
আহি যাব ধুমুহা
খহি পৰিব
তাচ পাতৰ দৰে
মোৰ জীৱন।
জীৱনটোত কৰি আছা
তুমি মোৰ হৃদয় জিপাল।
ফুলি আছে ৰঙা গোলাপ ।
তুমাৰ সোবাসত মন
হৈছে প্ৰফুল্ল।
শুনোঁ কেৱল
তোমাৰ প্ৰতিধ্বনি।
দেখোঁ কেৱল
তোমাৰ প্ৰতিবিম্ব।
নাম যে তোমাৰ প্ৰেম।
তোমাৰ নামতে কৰোঁ
আমি সকলো ত্যাগ ।
তথাপি নোৱাৰোঁ
তোমাক সন্তুষ্ট দিবলৈ।
তথাপি দৌৰিব বিচাৰোঁ
আকৌ তোমাৰ নামত
কৰি যাওঁ সংঘৰ্ষ।
কৰোঁ কৰ্ম কৰোঁ শ্ৰম
আনো তোমালৈ উপহাৰ।
নালাগে তাত কাৰো আদেশ
নালাগে কাৰোঁ উপদেশ।
কৰিছে সকলোৱে উপহাস
কৰিছে উপলুঙা
নাই নে তহঁতৰ কাম।
তথাপি তোমাক
কৰোঁ পূজা
হয় সেইয়া চাগে প্ৰেম।
নাপায় সকলোৱে বোজি।
হৈ যাওঁ আমি পৰাজয়
জীৱন হৈ পৰে পৰাভূত। ছৈয়দ মহচিন।

40
835 views