logo

AIMA Media News :18 Nov; "মেগা ৰক্তদান শিবিৰ"-বিজেপি ধুবুৰী জিলাৰ উদ্যোগত

অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ জন্ম দিনৰ লগত সংগতি ৰাখি,ভাৰতীয় জনতা পাৰ্টি ধুবুৰী জিলাৰ উদ্যোগত আৰু জিলা প্ৰশাসন, যুটীয়া স্বাস্থ্য বিভাগ,ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত, ধুবুৰী লায়ন্স ক্লাব প্ৰাঙ্গণত জুবিন গাৰ্গৰ প্ৰতিছবিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰে এক মেগা ৰক্তদান শিবিৰৰ শুভাৰম্ভনী কৰা হয়। লগতে জুবিন গাৰ্গৰ প্ৰিয় গছ নাহৰ পুলি ভাৰতীয় জনতা পাৰ্টি ধুবুৰী জিলা কাৰ্য্যলয় চৌহদত ৰোপন কৰাৰ উপৰিও ধুবুৰী জিলাৰ বিভিন্ন চৰকাৰি অনুষ্ঠান প্ৰতিষ্ঠানত ৰোপন কৰা হয়। এই ৰক্তদান শিবিৰত ভাৰতীয় জনতা পাৰ্টিৰ সকলো স্তৰৰ কাৰ্যকৰ্তাই ৰক্তদান শিবিৰত অংশ গ্ৰহণ কৰে। লগতে বিভিন্ন সামাজিক সংগঠণৰ সদস্য সকলেও এই শিবিৰত স্বতষ্ফূৰ্ত ভাবে ৰক্তদান কৰে। শতাধীক জুবিন অনুৰাগীয়ে শিবিৰত ৰক্তদান কৰে।
এই কাৰ্যক্ৰমত উপস্থিত থাকে শ্ৰীযুত ৰঞ্জিত কুমাৰ ৰায়( সভাপতি,বিজেপি ধুবুৰী জিলা), ডা: দেৱময় স্যান্যাল(পৌৰপতি, ধুবুৰী পৌৰসভা)
দীপক কুমাৰ সাহা(অধ্যক্ষ,ধুবুৰী গৌৰীপুৰ ডেভেলপমেণ্ট অথৰেটি)
প্ৰসেনজিৎ দত্ত( প্ৰাক্তন সভাপতি,বিজেপি ধুবুৰী জিলা )
বিশ্বজিৎ মালি ( সম্পাদক, ৰাজ্যিক বিজেপি অনুসূচিত জাতি মৰ্চা)
বিশ্বজিৎ কলিতা ( সভাপতি,অগপ ধুবুৰী জিলা)

7
1170 views