শিৱসাগৰত মাতৃ কন্যাৰ অস্বাভাৱিক মৃত্যু নিৰ্যাতনৰ ভয়ংকৰ অভিযোগ।
শিৱসাগৰ নগৰ সমীপত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ কাষতে থকা নিজ গৃহত মাতৃ কন্যাই নিৰ্যাতনৰ সম্মুখীন হৈ এই পৃথিৱী মোহ ভংগ হৈ চিৰদিনলৈ বৈকুণ্ঠ ধামৰ দিশে ধাৱমান হ'ল।পেছাত পত্নী আৰু স্বামী দুয়ো শিক্ষক আৰু শিক্ষয়িত্ৰী। নিৰ্যাতনে জ্ঞান বিবেক বিবেচনা জীৱনৰ প্ৰতি মোহ সকলো যেন ধূলিৰ লগত মিলাই দিব পাৰে ই মাত্ৰ এটা উদাহৰণ।এনে ধৰণৰ ঘটনা আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব নোৱাৰে নেকি নিশ্চয় নোৱাৰে কাৰণ আৰক্ষীয়ে পাকঘৰত সোমাই চাই থাকিব নোৱাৰে।শুনা মতে আৰক্ষী নিজৰ পাকঘৰ সমস্যাই শেষ নহয়।কথা হ'ল এনে ঘটনাৰ বাবে দোষিক কঠোৰ শাস্তি একমাত্ৰ সমাধান নেকি 10% নো নহয় । তেতিয়া ই কেনেকৈ সম্ভৱ প্ৰথম কথা সামাজিক দায়িত্ব বোধ মানৱীয়তা বিষয়ে শিক্ষা দিয়া সময় সমাগত নেকি? কাৰণ সমস্যা কঠোতাৰ জৰিয়তে সমাধান কৰিব নোৱাৰি একমাত্ৰ ক্ষমা জৰিয়তে সমস্যাৰ ক্ষয় ঘটাব পাৰি।এনেখন আইন প্ৰয়োজন য'ত প্ৰত্যেকে প্ৰত্যেকৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব নহ'লে অপৰাধ হিচাপে গণ্য কৰা আইনখন কাৰ্য্যকৰী হ'ব লাগে।কাৰণ কাষতে এজন মানুহক মাৰি দিব আপুনি নিৰৱে ঘৰতে দোৱাৰ বন্ধ কৰি চাই থাকিব হ'ব নোৱাৰিব বা এজন বৃদ্ধ ব্যক্তি কেকাই আছে সন্তানৰ দূ ব্যৱহাৰত পৰিস্থিতি জটিলতাৰ পালে গতি কৰিছে তেনে সময়ত সমাজৰ ব্যক্তি হিচাপে দৰ্শকৰ ভূমিকাত অৱতীৰ্ণ হোৱা অপৰাধ হিচাপে গণ্য কৰিব লাগে। দ্ধিতিয়তে সহনশীলতাৰ শিক্ষা আৰু অত্যন্ত ভূগ বিলাসীতা মগজুৰ অস্থিৰ কৰি তোলে ইয়াৰ ফলত ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে এই কথাবোৰ মাক দেউতাকে সৰু পৰা শিকাব লাগিব। নহ'লে এনে ঘটনা যদি ন্যায় সংগত দৃষ্টি ভংগী আৰু সামাজিক বলিষ্ঠ পদক্ষেপে নলয় এনে ঘটনা নিয়ন্ত্ৰণ অসম্ভৱ। গতিকে সকলোৱে দায়িত্ব বোৰ লয় তেতিয়া বস্তবোৰ সহজ হৈ পৰিব ।কাৰণ পত্নীৰ লগত যাওঁতে ৰাস্তাত অকল পত্মীক গাড়ীয়ে খুন্দিয়াব লক্ষ্য কৰা হয় বাকীবোৰ লক্ষীহীণ হৈ পৰে তেতিয়া এইবোৰ ঘটনা আমি দেখিমেই কাৰণ মৰম আৰু আনৰ প্ৰতি মমতা দুয়োটাই সমান হ'ব লাগিব। ছৈয়দ মহচিন।