ধুবুৰীৰৰ হালাকাৰাত ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম জয়ন্তী পালন-
AIMA Media Dhubri ১৫ নৱেম্বৰ,২০২৫ ইং; আমাৰ ভূমি, আমাৰ অধিকাৰ শ্লোগানেৰে নিজ জনগোষ্ঠীৰ স্বাভীমান,সামাজিক, সাংস্কৃতিক আৰু ভূমিৰ অধিকাৰ সুৰক্ষাৰ বাবে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰা মুণ্ডা জনগোষ্ঠীৰ ভগৱান সৰূপ "বীৰছা মুণ্ডাজী"ৰ আজি ১৫০ সংখ্যক জন্মজয়ন্তী ভাৰতীয় জনতা পাৰ্টি,ধুবুৰী জিলাৰ উদ্যোগত আৰু হালাকুৰা মণ্ডলৰ সহযোগত,- হালাকুৰা মহাবিদ্যালয় প্ৰেক্ষাগৃহত "জন জাতি গৌৰৱ দিৱস" হিচাপে পালন কৰা হয়।
উক্ত কাৰ্যসূচীত বিজেপি ধুবুৰী জিলাৰ সভাপতি "শ্ৰীযুত ৰঞ্জিত কুমাৰ ৰায়" ডাঙৰীয়া, বিজেপি অসম প্ৰদেশ ৰাজ্যিক পৰা মূখ্য বক্তা "শ্ৰীযুত প্ৰকাশ কাশ্যপ ডাঙৰীয়া" উপস্থিত থাকি বীৰছা মুণ্ডাৰ জীৱনৰ ওপৰত আলোকপাত কৰে, লগতে কাৰ্যসূচীত বিজেপি দলৰ জিলা আৰু হালাকুৰা মণ্ডলৰ সকল স্তৰৰ কাৰ্য্যকৰ্তা উপস্থিত থাকে ।