logo

নিবনুৱা।

নিবনুৱা
মই নিবনুৱা।
নাই মোৰ নিস্তাৰ
থাকো মই নিস্তেজ।
হয় মই নিস্ক্ৰিয়
নহয় মই সক্ৰিয়।
কৰিবলৈ লৈছোঁ ৰণ
পিতা দেৱতাৰ পিছে
নাই মাটি
নাই পথাৰ নাই নাঙল।
হ'লো মই কঙাল
হলো গৈ নাঙঠ।
নিদিয়ে মোক লোণ
দিয়ে মোক ভাষণ
নজনায় মোক সম্ভাষণ।
নাই মোৰ ধন
নিদিয়ে মোক গুৰুত্ব
নাপায় বিচাৰি
দেউতাই মোৰ মহত্ব।
হ'লো মগনীয়া
বিচাৰোঁ মই ভিক্ষ
হলোগৈ ‌মই ভিক্ষু।
ভাৱে মোক দলিত
নাথাকে ৰৈ
আহে মোক খেদি ।
দি যায় গোৱাল গালি
হয় যাওঁ চোৰ ডকাইত।
নধৰোঁ উভতি
নামাৰো ডাংকোপ
নালাগে মোৰ ভাল।
নাই তাত অনুমতি
নাই তাত
আইৰ আশীৰ্বাদ।
নাপাওঁ তাত
পৰম আত্মাৰ
পৰম সান্নিধ্য
নহওঁ মই সফল।
হম মই বিফল ।
আহি যাব ধূমুহা
কৰি দিব বিধ্বস্ত।
নাই তাতে
মোৰ মধ্যস্থতাকাৰি।
দিব মোক
মধ্য যুগৰ শাস্তি
পাম মই বৰ্বৰতা।
হম মই বাকৰুদ্ধ
কৰিব মোক কাৰাৰুদ্ধ
দিব মোক দণ্ড
পঠাব মোক কাৰাগাৰত
হম মই কয়দি
ঘৰত হ'ব সকলো পণবন্দি।
মানুহে দিব নাম
হবগৈ নতুন নাম।
পৰিচয় হ'ব পাখণ্ড।
কৰিব সকলোৱে অপমান।
নাথাকিব তাত
কাৰো আক্ষেপ ।
নকৰে কোনেও আপত্তি
নকৰিব কোনেও নিষ্পত্তি
নাই যে মোৰ ধন
হয় যে মই নিবনুৱা।
নালাগিব কাৰো বেয়া
নাই যে মোৰ
বন্ধু নিলৎপল
নিতুল নিচি ।
চিঙি দিব মোৰ ৰচি।
হ'লো যে একা
তাতে মই নিবনুৱা ।
নাচায় মোক ঘূৰি
নিৰৎপল নিতুল নিচি
নিহাৰিকা নিৰোপমা নম্মতাই।
নাই মোৰ ধন
নাই মোৰ কাম।
হ'লো মই নিবনুৱা ।
নিদিয়ে মোক কোনেও
আশীৰ্বাদ ।
নাই যে মোৰ
দিবলৈ উপহাৰ।
কৰিছে উপসাস
কৰিছে উপলুঙা
নধৰোঁ মই দোষ
হয় যে মই নিবনুৱা। ছৈয়দ মহচিন।

337
3342 views