logo

Direct action day

1946চনৰ16আগষ্ট ভাৰতীয় ইতিহাসৰ কলা অধ্যায়। মাহটো ৰমজান মাহ বাৰটো আছিল শুক্ৰবাৰ । সেই দিনা জিন্নাৰ স্বপ্নৰ পাকিস্তানৰ বাবে এটা শ্লোগান দিছিল লরকে লেনগে পাকিস্তান। সেই শ্লাগনৰ পাৰ্শ্বক্ৰিয়া লগতে মৌলনাৰ ভাষণত দিয়া শব্দৰ ভয়াবহতাৰ হেতু মুছলমান সকলৰ অধিক সংখ্যক হৈ পৰিছিল উগ্ৰ আৰু কলকাতাৰ ৰাজপথ হৈছিল ৰাঙলী। বঙালী সম্প্ৰদায়ৰ মানুহ অত্যন্ত নিৰীহ আছিল তাতে তেওঁলোকে এনেধৰণৰ ঘটনাৰ বাবে একেবাৰে সাজু নাছিল। কিন্তু সেই সুযোগতে ৰক্তপীষাষুৰ দলে কলকতাৰ ৰাজপথ ৰক্তাক্ত কৰি তুলিছিল । য'ত শিশু মহিলা কোনো সাৰি নগৈছিল। তেওঁলোকে পাহৰি গৈছিল তেওঁলোক কোন ধৰ্মৰ লোক। তেওঁলোকে কোৰাণতকৈ মৌলানাৰ মাতলামিত মাদকতা পায় কেৱল মানুহৰ মৃত্যু যজ্ঞ চলাইছিল। হয়তো তেওঁলোক ৰক্তপিষাষুৰ দলে অতি শান্ত নিৰ্জু নম্ৰ বাঙালি সকলক সহজ টাৰগেট হিচাপে ল'লে । এই সাম্প্ৰদায়িক সংঘৰ্ষ নোৱাখালি বিহাৰ পৰ্যন্ত বিয়পি পৰে । কাৰণ কলকতাৰ নৰযজ্ঞৰ প্ৰতিশোধ লবলৈ বিহাৰ গোপ্তাহতঁ উম্মাদ হৈ পৰিছিল আৰু বহু শ শ মুছলমান নিৰিহ লোকক হত্যা কৰি প্ৰতিশোধৰ জিজ্ঞাসা পূৰণ কৰিলে। কিন্তু মানুহৰ তেজেৰে জিন্নাৰ সপোনৰ পবিত্ৰ পাকিস্তান তৈয়াৰ হ'ল। কিন্তু পৰবৰ্তী পৰ্য্যায়ত কোনো দিনে পবিত্ৰ হ'ব নোৱাৰিলে বৰঞ্চ অপৰাধ সন্ত্ৰাসৰ দেশ হিচাপে বিশ্বৰ বুকুত নিজৰ নাম সোণোৱালি আখৰে লিখিলে ।এইবোৰক লৈ নতুন ছবি অৱতাৰণা হ'ল The Bengal Files. কিন্তু ছবিৰ পৰা আমি আকৌ নৰ হত্যাৰ দিনবোৰলৈ উভতি যাম নেকি?তেনেহলে দূৰ্ভাগ্যৰ বাহিৰে একো নহয় । কাৰণ 5 চেপ্তেম্বৰত ছবি গৃহত মুক্তি লাভ করা ছবি খন নবেম্বৰ মাজ ভাগৰ পৰা সকলোৱে পকেটে পকেটে internet উপলদ্ধ হ'ব। অত্যন্ত সজাগ সতৰ্ক হোৱা উচিত আকৌ ৰক্তৰ নদী বৈ নাযায়। তাৰ কাৰণে আমি সংযমি হ'ব লাগিব লগতে আনকো যথেষ্ট বুজাব লাগিব যাতে এনেধৰণৰ আচৰণৰ সৃষ্টি নহয়। শেষত সকলো সম্মিলিত ভাৱে এখন বাগিছাৰ গোলাপৰ দৰে উজ্বলি উঠক। তাৰ কামনাৰে আজিলৈ সামৰিলো।ছৈয়দ মহচিন।

24
1382 views