logo

বিজেপি ধুবুৰী জিলাৰ উদোগত "বন্দে মাতৰম" গীতৰ ১৫০ বৰ্ষপূতি পালন-

AIMA Media News ;
তাৰিখ:- ইং ০৭-১১-২০২৫
====================
ভাৰতবৰ্ষৰ যস্বশী প্ৰধানমন্ত্ৰী "নৰেন্দ্ৰ মোদীজীৰ" আহ্বান মৰ্মে, ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক সমিতিৰ নিৰ্দেশানুসৰে- আজি গৌৰীপুৰ মহামায় খেল পথাৰত ৰাষ্ট্ৰীয় গীত "বন্দেমাতৰম" সৃষ্টিৰ ১৫০ বৰ্ষপূৰ্তি উপলক্ষে এক বৰ্ণাঢ্য কাৰ্যসূচী বিজেপি ধুবুৰী জিলাৰ উদোগত লোৱা হয়।
উক্ত কাৰ্য্যসূচিত ধুবুৰী জিলাৰ অন্তৰ্গত বিভিন্ন জাতি জনগোষ্ঠীৰ শিল্পী সমাজে,শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ ছাত্ৰ ছাত্ৰ সকল,বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ সমাজে আৰু জাতি ধৰ্ম নিৰ্বিশেষে প্ৰায় (৩)তিনি হাজাৰৰো অধিক ৰাইজে একে লগত একে সুৰত " বন্দে মাতৰম" গীত গাই এক দেশ প্ৰেমৰ বাতাবৰন সৃষ্টি কৰে গৌৰীপুৰ মহামায় খেল পথাৰত।।
উক্ত কাৰ্য্যক্ৰমত "বন্দে মাতৰম" গীত আৰু শ্লোগানৰে স্বাধীনতা সংগ্ৰামৰ সেই দিনবোৰত কেনেকৈ আমাৰ স্বতন্ত্ৰতা সংগ্ৰামী সকলে বৃৰ্টিছ সাম্ৰাজ্যৰ অৱসান ঘটাই, ভাৰত মাতৃক মুক্ত কৰিছিল সেয়া ইতিহাসৰ পাতত স্পষ্ট লিখা ৰৈ গৈছে, এনে দেশপ্ৰেম মূলক বক্তব্য আগবঢ়ায় কাৰ্য্যক্ৰমত উপস্থিত কেইবাগৰীক বিশিষ্ট বুদ্ধিজীৱি আৰু ভাৰতীয় জনতা পাৰ্টিৰ নেতৃবৰ্গ।
কাৰ্য্যক্ৰমত মঞ্চত বিশেষ ভাবে উপস্থিত থাকে বিজেপি ধুবুৰী জিলাৰ জিলা সভাপতি "শ্ৰীযুত ৰঞ্জিত কুমাৰ ৰায়" , গোলকগঞ্জ সমিষ্টিৰ প্ৰাক্তন বিধায়ক তথা বিজেপি অসম প্ৰদেশৰ OBC মৰ্চাৰ ৰাজ্যিক প্ৰাক্তন সভাপতি "শ্ৰী অশ্বিনী ৰায় সৰকাৰ", ধুবুৰী জিলা বিজেপিৰ প্ৰাক্তন সভাপতি তথা ধুবুৰী পৌৰসভাৰ পৌৰপতি "ডা. দেৱময় স্যান্যাল", বিজেপি ধুবুৰী জিলাৰ প্ৰাক্তন সভাপতি ক্ৰমে "শ্ৰী দীপক কুমাৰ সাহা", "শ্ৰী প্ৰোছেনঞ্জিৎ দত্ত", KAC ৰ CEM তথা বিজেপি ধুবুৰী জিলাৰ সহ প্ৰভাৰী "শ্ৰী জিবেশ ৰায়, লগতে উপস্থিত থাকে শ্ৰী বিশ্বজিৎ ৰায় (বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক পেনেলিষ্ট সদস্য), শ্ৰী প্ৰবীৰ কুমাৰ সৰকাৰ(বিজেপি অসম প্ৰদেশ OBC মৰ্চাৰ সাংস্কৃতিক কোষৰ সহ আহ্বায়ক), "শ্ৰী ভগীৰত ওঝা" (মিনকাচৰ জিলা প্ৰভাৰি,বিজেপি), শ্ৰী বিশ্বজীৎ মালি ( অসম প্ৰদেশ বিজেপি SC মৰ্চা সম্পাদক) প্ৰমূখে কাৰ্য্যক্ৰমত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি বিভিন্ন স্তৰৰ দলীয় কাৰ্যকৰ্তা সকল।

0
1130 views