logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

গোৱালপাৰাৰ দহিকটা বনাঞ্চলৰ নামত ৰাজহ গাঁওত উচ্ছেদৰ জাননী — ভাটিয়াপাৰাত তীব্ৰ প্ৰতিক্ৰিয়া

গোৱালপাৰা, যোৱা ৭ অক্টোবৰ:
গোৱালপাৰা বন সংৰক্ষণ বিভাগে “দাহিকাটা সংৰক্ষিত বনাঞ্চলৰ ভিতৰত বেদখল কৰা ভূমি”ৰ দাবীত উচ্ছেদৰ জাননী জাৰী কৰিছে। জাননী অনুসৰি, মাটিৰ দখলকাৰীসকলক ১৫ দিনৰ ভিতৰত স্থান খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

যদিও স্থানীয় লোকসকলে অভিযোগ কৰিছে যে, উক্ত ভূমি মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ভাটিয়াপাৰা ৰাজহ গাঁওৰ অন্তৰ্গত, য’ত বহু ঘৰৰ পট্টা ভুমি আছে আৰু বাকি অংশত ১৯৬২ চনৰ পৰা চৰকাৰীভাৱে খাজনা আদায় কৰি আহিছে।
লোকসকলে কৈছে — “এই মাটিবোৰ বনাঞ্চলৰ নহয়, ৰাজহ গাঁওৰ ভূমি। বহু দশক ধৰি আমি ইয়াত বসবাস কৰি খাজনা দি আহিছোঁ, এতিয়া বন বিভাগে উচ্ছেদৰ জাননী দি আমাক বনাঞ্চলৰ অংশ বুলি ঘোষণা কৰিছে।”

স্থানীয়সকলে সংশ্লিষ্ট বিভাগৰ ওচৰত ন্যায়সঙ্গত ব্যৱস্থাৰ দাবী জনাইছে আৰু প্ৰশাসনক অনুৰোধ কৰিছে যে, বিষয়টো সঠিকভাৱে পৰ্যালোচনা কৰি পট্টাধাৰী আৰু খাজনাদাৰীসকলৰ মাটিত যেন উচ্ছেদ কাৰ্য কৰা নহয়।

63
2296 views

Comment