logo

মজদূৰ

মই মজদূৰ।
নহয় মই মৌজাদাৰ
নামাতিব মোক বাবু।
মই মজদূৰ
পাওঁ দৈনিক মজুৰি
নাপাওঁ মই দৰমহা ।
নহয় মই সুস্থ নহয় মই সুস্থিৰ।
কৰোঁ মই শ্ৰম নাথাকে বিশ্ৰাম
আছে মোৰ মজবুৰি ।
ৰৈ দিলে লাগি যাব
বহু খেলিমেলি।
ঘটি যাব বহু অথন্তৰ
নাথাকিব গতি হ'ব ক্ষতি
বহু বেছি মালিকৰ।
মালিকে দিব মাৰ
নাথাকিব মজুৰি
নচলিব ঘৰ
নকৰিম এনে ভূল
হৈ যাব পাৰে মহাপাপ।
নাপাম উদ্ধাৰ পামগৈ নৰক।
হয় মই মজদূৰ
আছে মোৰ মানৱতা।
নিদো মই নৃশংসতাৰ পৰিচয়।
নাই মোৰ বিলাসি বাহন।
আছে মোৰ বাবা
নাই মোৰ স্বাধীনতা।
হ'লো মই পৰাধিন
হলো মই বোবা
নালাগে কাৰো ভাল
নিদিয়ে গুৰুত্ব নিদিয়ে সম্মান।
নালাগে মোৰ দোষ
নালাগে মোক অধিকাৰ।
বিচাৰিলে পালে হ'ব
সকলো বিৰক্ত
হৈ যাব পাৰে মোৰ ৰক্তাক্ত।
নাথাকিবগৈ মোৰ শক্তি
লগ পাম অপশক্তি
কৰিব লাগিব অপৰাধ।
নকৰোঁ এনে ভূল‌
নহ'ব তাক কৰিব
নোৱাৰিম শুদ্ধৰনি।
হ'ম মই মজদূৰ
নকৰিম অপৰাধ
কৰি যাম কেৱল শ্ৰম।
তাতে পাম মই সম্মান
নকৰিব অপমান
নিদিব মোক শাস্তি
হ'ব সকলোৰে শান্তি
বাবু হয় মোৰ বাবা
আছে তেওঁৰ মহত্ব
আছে তেওঁৰ পেঞ্চন
নলয় তেওঁ টেনচন ।
আছে বাবাৰ বিৰত্ব
নিদিয়ে কাকো গুৰুত্ব
নকৰিব সহায়
হ'ল যে মালিক।
আমি হলো গোলাম
আমি মজদূৰ
নিদিয়ে আমাক গুৰুত্ব
তাতে আমি পাম মহত্ব।
মা মানে মৰম।
মজদূৰে কৰি যায়
বহু বেছি সমান।
নাথাকিলে মজদূৰ হয়
একেবাৰে মমতা হিন।
হৈ পৰে নিষ্ঠুৰ
নাথাকে দয়া মমতা।
নিবিচাৰে তাক কোনেও
নহয় আজি সি মজদুৰ
হ'ল আজি উম্মাদ।
বাবা মানে বল।
নাথাকিলে হেৰুৱাব
সকলো সম্বল।
হেৰুৱাম বহু শক্তি
হৈ পৰিম একেবাৰে দুৰ্বল।
নোৱাৰিম কৰিব মজদূৰ
নাথাকিব মজুৰি
পামগৈ নৰক। ছৈয়দ মহচিন।

113
823 views
1 comment  
  • Syed Mohsin Ali

    I feel happy to identify myself as a laborer. However, we may not be able to complete the work or we will not know.I don't care if people view or like it or not. I'm a laborer where I'm happy.