logo

চৰণে জানে মৰণৰ ঠাই। Traketing বাবে গৈ আকালতে প্ৰাণ হেৰুৱালে চিলাপথাৰৰ নৌ সেনা বিষয়াই।

চৰণে জানে মৰণৰ ঠাই। Traketing বাবে গৈ আকালতে প্ৰাণ হেৰুৱালে চিলাপথাৰৰ নৌ সেনা বিষয়াই।

চিলাপথাৰৰ অঞ্চলটোৰ ডিমৌ নিবাসী বলিন টায়েঙৰ পুত্ৰ তথা ভাৰতীয় নৌ সেনাৰ বিষয়া নৱনীল তায়েঙৰ(৩০) কৰ্তব্যত অৱস্থিত মৃত্যুৰ ঘটনাই গভীৰ শোকৰ ছাঁ পেলাইছে। জানিব পৰা মতে সুদুৰ কলকাতাত নৌ সেনাত কৰ্মৰত যুৱকজনে পাঁচটা দিনৰ পূৰ্বে উত্তৰাখণ্ডৰ এখন সুউচ্চ মন্দিৰত ট্ৰেকিং কৰিবলৈ বুলি যায়। সমূদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় 3600 মিটাৰ উচ্চতাৰ ৰুদ্ৰনাথ মন্দিৰৰ সমীপত উশাহ নিশাসত কষ্ট অনুভৱ কৰি শেষ নিশ্বাস ত্যাগ কৰে।

চিলাপথাৰৰ ডনবস্কৰ পৰা মেট্ৰিক আৰু চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ পৰা উচ্চত্বৰ মাধ্যমিক উত্তীৰ্ণ হৈ ৮ বছৰৰ আগতে নৌ সেনাত ভৰ্তি হয়। ট্ৰেকিং কৰিবলৈ গৈ অকাল মৃত্যুক সাবতি লোৱা অবিৱাহীত যুৱক জনৰ আকস্মিক মৃত্যুৰ ঘটনাত কান্দোনৰ ৰুল উঠিছে সমগ্ৰ অঞ্চলটোত। আজি মোহনবাৰী বিমান বন্দৰৰ পৰা যুৱকজনৰ মৃতদেহ আহি বাসভৱনত উপস্থিত হোৱা লগে লগে অজস্ৰ গুণমুগ্ধ লোকৰ উপস্থিত হয়। বিয়লি অগনন গুণমুগ্ধ ৰাইজৰ উপস্থিতিত শেষ কৃত্য সম্পন্ন কৰা হয়।

6
923 views