logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

মৰাণৰ সংগীত শিল্পী ড০শুভজ্যোতি মহনলৈ "শিক্ষকৰত্ন" বঁটা ।

মৰাণ : ভাৰতৰবৰ্ষৰ এখন প্ৰতিষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সংগীত শিক্ষা পৰীক্ষা পৰিষদ সুৰ ভাৰতী সংগীত কলা কেন্দ্ৰৰ অসম ৰাজ্যিক বাৰ্ষিক সমাৱৰ্তন অনুষ্ঠান ২৪ আগষ্টত যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ ড° মাধৱ চন্দ্ৰ দাস
প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। সমাৱৰ্তনত উজনি অসমৰ পৰীক্ষা কেন্দ্ৰসমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে যোৱা বছৰ অনুষ্ঠিতAll india Talent Search Examinationৰ পাঁচটা শাখাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ পৰা প্ৰতিটো শাখাৰে সৰ্বাধিক নম্বৰ লাভ কৰা ৫জনকৈ ছাত্ৰ-ছাত্ৰীক ৰাজ্যিক ভিত্তিত প্রতিভা সন্ধানী পৰীক্ষা বঁটা প্ৰদান কৰে। ইয়াৰ উপৰি ছাত্ৰ-ছাত্ৰীসকলৰ সাংস্কৃতিক প্ৰতিভা বিকাশৰ বাবে কাম কৰি অহা শিক্ষকসকলকো ‘শিক্ষক ৰত্ন' বঁটাৰে সন্মানিত কৰা হয় । ইয়াৰ ভিতৰত চৰাইদেউ জিলাৰ অন্তৰ্গত মৰাণ ঊষাপুৰৰ ৰং এণ্ড ৰিদম পৰীক্ষা কেন্দ্ৰৰ পৰা বকতাৰ ৰংমন শিশু বিকাশ মঞ্চৰ ইয়ে ম’খাম বৰুৱা,পাটসাঁকোৰ ন-কুঁহি ডান্স একাডেমিৰ কাশ্যপী নন্দিনী বৰুৱা, ৰং এণ্ড ৰিডম সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ ময়ূৰী মিত্র, আকাশ নিয়ৰ চুতীয়া আৰু সুদীপ্ত গগৈয়ে প্ৰতিভা সন্ধানী পৰীক্ষাৰ বঁটা লাভ কৰাৰ খবৰ পাই মৰাণ, বকতা, পাটসাঁকো আদি অঞ্চলৰ সংস্কৃতিপ্ৰেমী ৰাইজ আনন্দিত হৈছে। ইয়াৰ উপৰি ৰং এণ্ড ৰিডমৰ সঞ্চালক প্রধান ড০শুভজ্যোতি মহনক শিক্ষকৰত্ন বঁটাৰে সন্মানিত কৰে। অনুষ্ঠানত সুৰ ভাৰতী সংগীত কলাকেন্দ্ৰৰ সভাপতি তথা সঞ্চালক অৰিজিৎ চক্ৰৱৰ্তী, যোৰহাট কলেজৰ অধ্যক্ষ সৌমিত্ৰ পূজাৰী প্ৰমুখ্যে বহুকেইজন বিশিষ্ট অতিথি উপস্থিত আছিল।

76
678 views

Comment