logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

যুৱ সমাজৰ উদ্যোগত উত্তৰকুছিত ২৩ সংখ্যাক শ্ৰীশ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ আয়োজন৷৷

যুৱ সমাজৰ উদ্যোগত উত্তৰকুছিত ২৩ সংখ্যাক শ্ৰীশ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ আয়োজন৷৷

নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত উত্তৰকুছিত অহা ১৪ চেপ্তেম্বৰত যুৱ সমাজৰ উদ্যোগত শ্ৰীশ্ৰীকৃষ্ণৰ ২৩ সংখ্যাক জন্মাষ্টমীৰ আয়োজন কৰিছে৷তদুপলক্ষে সেইদিনা পূৱা সমূহীয়া চাফাইৰ পিচতে পতাকা উত্তোলন কৰিৱ শিৱচৰণ কলিতাই,গছপুলি ৰোপণ কৰিব ক্ৰমে উত্তৰকুছি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধানশিক্ষক বলেন ভৰালী,অৱসৰপ্ৰাপ্ত প্ৰধানশিক্ষক দীপক শৰ্মা,সমাজকৰ্মী শৰৎ কলিতা,হলধৰ কলিতা আৰু কৰুনা ভৰালীয়ে৷ইয়াৰ পিচতে স্থানীয় আয়তী সকলৰ দ্বাৰা নাম পৰিবেশন৷আবেলি শিশু শিল্পী জিচাংক লহকৰ আৰু সংগীবৃন্দৰ দ্বাৰা নাগাৰানাম পৰিবেশন,উদ্বোধন কৰিব উত্তৰকুছি গাৱঁৰে কনক কলিতা( জ্যেষ্ঠ)ই,সন্ধিয়া বন্তি প্ৰজ্বলন কৰিব ক্ৰমে বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মন,জলসিঞ্চন বিভাগৰ কাৰ্য্যবাহী অভিযন্তা উজ্জ্বল ডেকা আৰু সমাজকৰ্মী দ্বিৱন ডেকাই,ইয়াৰ পিচতে আমন্ত্ৰিত পাঠিকা কৰিশ্মা নাথৰ নাগাৰা নাম প্ৰদৰ্শন,উদ্বোধন কৰিব গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাই,টোপধ্বনি আৰু আটচ্‌বাজী প্ৰদৰ্শন,প্ৰজ্বলন কৰিব ক্ৰমে সমাজসেৱক ৰূপেন দাস,বৃন্দাবন থিয়েটাৰৰ প্ৰযোজক বংকিম ৰায়মেধি আৰু বিজেপি কিষানমৰ্চাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহ সদস্য পৰাগজ্যোতি চৌধুৰীয়ে৷ইতিমধ্যে ধন দাসক সভাপতি,নিৰঞ্জন কলিতাক কাৰ্য্যকৰী সভাপতি,ৰঞ্জন কলিতা,নিপন কলিতাক উপসভাপতি,বিপূল কলিতা,মনোজ কলিতাক সম্পাদক,সৌৰভ ভৰালী আৰু অমৰেন্দ্ৰ ভৰালীক সহঃসম্পাদক হিচাবে লৈ এখন শ্ৰীশ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন সমিতি গঠন কৰিছে৷

96
3102 views

Comment