logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

ছয়গাঁও সাহিত্য সভাৰ বিশেষ সভা সম্পন্ন কে আৰ ডি শিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ্যই প্ৰদান কৰিলে এটি আলমিৰা

১৫ আগষ্ট, ২০২৫ ::: আজি ছয়গাঁও সাহিত্য সভা (স্বৰ্ণ শাখা)ৰ এখনি বিশেষ সভা, ড° প্ৰাণেশ্বৰ নাথৰ সভাপতিত্বত ছয়গাঁও সাহিত্য ভৱনত অনুষ্ঠিত হয়। শাখাৰ সম্পাদক ভাৰত গোস্বামীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ পিছতে স্থানীয় শিল্পী যোগেশ্বৰ নাথে এটি ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰে। তাৰ পিছতে ছয়গাঁও কৃষ্ণ ৰাম দাস শিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ্য ড° অভিজিত দেৱ অধিকাৰীয়ে মহাবিদ্যালয় পৰিয়ালৰ হৈ ছয়গাঁও সাহিত্য সভালৈ এটি আলমিৰা আনুষ্ঠানিকভাৱে প্ৰদান কৰে। সভাৰ অংশ হিচাপে প্ৰতিভা ঠাকুৰীয়া, হিতেশ দাস আৰু মালা সাউদে স্বৰচিত কবিতা পাঠ, দ্বীজেন্দ্ৰনাথ শৰ্মা আৰু হৰিমতী কলিতাই স্বৰচিত গল্প পাঠ কৰাৰ লগতে প্ৰস্তুতি কলিতা, নাৰ্জী চৌধুৰীয়ে গীত, ভাৰত গোস্বামীয়ে কবিতা আবৃত্তি, পবিত্ৰ দত্তই আবৃত্তি আৰু ভাওনাৰ সংলাপ পৰিৱেশন কৰি অনুষ্ঠানটোক বিশেষ মাত্ৰা প্ৰদান কৰে। সভাপতি ড° নাথে "আকাশী গংগা বিচৰা নাই…" শীৰ্ষক ভূপেন্দ্ৰ সংগীতৰ কলী গুণগুণাই সাৰুৱা মন্তব্যৰে সভাৰ সমাপ্তি ঘোষণা কৰে।

71
90 views

Comment