মৰাণত মৌকোঁহৰ উদ্যোগত বক্তৃতা আৰু চিত্রাঙ্কন প্রতিযোগিতা । পণ্ডিত প্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈ ১২৮ সংখ্যক জন্মদিনৰ আয়োজন।
মৰাণ, ১৯ জুলাই : চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ অন্যতম শিশু প্রতিভা বিকাশ অনুষ্ঠান মৌকোঁহৰ উদ্যোগত ২০ জুলাইত পণ্ডিত প্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈ ১২৮ সংখ্যক ওপজা দিন মৰাণহাট খুমটাই বাগিচা মধ্য ইংৰাজী বিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱাৰ প্ৰেক্ষাগৃহত পালন কৰা হ'ব। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি বক্তৃতা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পুৱা আঠ বজাত চিত্রাঙ্কন প্রতিযোগিতা আয়োজন কৰিছে। চিত্রাঙ্কন প্রতিযোগিতা তিনিটা শাখাত (ক) অংকুৰ শ্ৰেণীৰ পৰা প্ৰথম (খ) দ্বিতীয় শ্ৰেণীৰ পৰা পঞ্চম আৰু (গ) ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে থাকিব। (ক) শাখা ছাত্র-ছাত্রীয়ে স্ব-ইচ্ছাৰে অংকন কৰিব পাৰিব। (খ) শাখা ছাত্ৰ-ছাত্ৰীয়ে এটা বাঁহৰ খৰাহিত বতৰৰ ফল-মূল লেটেকু, পনিয়ল,নাচপতি, জামু, চিত্র অংকন কৰিব লাগিব। (গ) শাখাৰ ছাত্ৰ-ছাত্ৰীয়ে অসমৰ বানপানীৰ পৰিৱেশৰ চিত্ৰ অংকন কৰিব লাগিব। উদযাপন সমিতিয়ে জনোৱা মতে ছাত্র-ছাত্রীয়ে কোনো নাম ভর্তি মাচুল দিব নালাগে ৷প্রতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা ইচ্ছুক প্রতিযোগীয়ে 9864870059,9954628208,6001675551 মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব।