logo

ৰং এণ্ড ৰিদম সাংস্কৃতিক বিকাশ কেন্দ্ৰ ৰ দ্বাবিংশতিতম প্ৰতিষ্ঠা দিৱস সম্পন্ন।

মৰাণ: ২০০৩ চনত প্ৰতিষ্ঠা হোৱা তথা ভাৰত চৰকাৰৰ দ্বাৰা অনুমোদিত মৰাণৰ এখন অগ্ৰণী সংগীত শিক্ষাৰ অনুষ্ঠান “ৰং এণ্ড ৰিদম, সাংস্কৃতিক বিকাশ কেন্দ্রৰ দ্বাবিংশতিতম প্রতিষ্ঠা দিৱস যোৱা ৬ জুলাই, ২০২৫ তাৰিখে মৰাণ মহিলা মহাবিদ্যালয় প্রাঙ্গনত উদযাপন কৰা হ'য় । আবৃত্তি বিশাৰদ মনদীপ গগৈয়ে আঁতধৰা অনুষ্ঠানটি এগছি বন্তি প্ৰজ্বলনে শুভাৰম্ভ কৰে আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিত্ৰ শিল্পী তথা মৰাণ মহিলা মহাবিদ্যালয়ৰ অধ্যাপক দেৱব্ৰত মহন্ত ই । ৰং এণ্ড ৰিদমৰ ছাত্ৰ -ছাত্ৰীৰ সকলৰদ্বাৰা এটা সমবেত সংগীত পৰিবেশন কৰাৰ পিছতেই ৰং এণ্ড ৰিদমৰ ছাত্ৰী ময়ূৰী মিত্ৰ আৰু ৰিতৰিচা গগৈয়ে সম্পাদনা কৰা এখন বাৰ্ষিক মুখপত্ৰ "কুসুম মালা" উন্মোচন কৰে মৰাণ মহিলা মহাবিদ্যালয়ৰ অধ্যাপক ড০ নিৰোদ গোহাঁইয়ে । উক্ত অনুষ্ঠানত সংগীত- সাহিত্য,সাংস্কৃতিক ক্ষেত্ৰৰ বহুকেইজন প্ৰতিভা সম্পন্ন শিশু , কিশোৰ -কিশোৰী ক শিল্প সাধনা বঁটা, "শিশু প্রতিভা বঁটা" শব্দযন্ত্রী স্বর্গীয় যদু গগৈ সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। গুৱাহাটীৰ প্ৰতিভা সম্পন্ন শিশু মেধা জ্যোতি নাথ আৰু সোণাৰীৰ যাদু কুঁৱৰী বৃষ্টি বণ্যা চেতিয়া ফুকনক শিল্প সাধনা বঁটা প্ৰদান কৰা হয়। ইয়াৰ উপৰিও আৰোহণ গগৈক শব্দযন্ত্ৰী স্বৰ্গীয় যদু গগৈ সোঁৱৰণী বঁটা লগতে আনুৰনণ ফুকন, নৈঋতা ফুকন, চিৰঞ্জনা মহন, ৰিতৰিচা গগৈ, আয়ুস্মানৰ কোঁৱৰ ,ৰিয়া বৰুৱা আৰু জিনা বড়াক শিশু প্ৰতিভা বঁটা প্ৰদান কৰা হয়। প্ৰায় চাৰি শতাধিক লোক উপস্থিত থকা অনুষ্ঠানত গুৱাহাটীৰ আৰ্য বিদ্যাপীঠৰ বিষয় শিক্ষক হিৰণ্য কুমাৰ নাথ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয মেত্ৰন চন্দ্ৰ মল্লিকা দেবী, মৰাণৰ জেষ্ঠ সাংবাদিক শোভিত কুমাৰ চেত্ৰী, সাংবাদিক বাছা বৰা, মৰাণ শাখা সাহিত্য সভাৰ সভাপতি অজিত চেতিয়া, শিশু সাহিত্যিক সুনীল গগৈ, চৰাইদেউ জিলা সাহিত্য সভা 'কুঁহি'ৰ আহ্বায়ক ফৰিদ আলি, সাংস্কৃতিক কৰ্মী তথা সাংবাদিক লক্ষ্মীনন্দন বৰুৱা, আপকোৰ কেন্দ্ৰীয় সম্পাদক শৰৎ শেনচোৱা, অৱসৰপ্ৰাপ্ত শিক্ষক মানি গগৈ, প্ৰদিপ চেতিয়া ফুকন, বাঁহ শিল্পী মোহন শইকীয়া, ৰং এণ্ড ৰিদমৰ সভাপতি ব্ৰজেন্দ্ৰ নাথ ফুকন, সম্পাদক ড০ শুভজ্যোতি মহন, সাংস্কৃতিক কৰ্মী তথা শিক্ষক উত্তম দেউৰী, লতাশিলৰ বিহু সম্ৰাজ্ঞী লিজামণি শেনচোৱা, অৱসৰপ্ৰাপ্ত শিক্ষক ভূপেন নাথ, লোহিত ফুকন, সাংস্কৃতিক কৰ্মী ভূপেন গগৈ, ৰানা মহন্ত , প্ৰদীপ বৰুৱা,ধৰিত্ৰী গগৈ বৰুৱা, চেনেহী বৰগোহাঁই, জয়ন্ত বৰুৱা , সাংবাদিক অৰুন নাগ, সঞ্জয় নাগ, দেৱজিৎ গগৈ সুৰপীয়াসীৰ সভানেত্ৰী দিপালী চেতিয়া, বিনা কোঁৱৰ , বাৰেহণীয়া সাংস্কৃতিক মঞ্চৰ সম্পাদিকা জ্যোতি দেউৰী, ৰাস্না ফুকনকে প্ৰমুখ্যে কৰি বহুটো সন্মানীয় ব্যক্তি উপস্থিত থকাৰ লগতে ৰংমন শিশু বিকাশ মঞ্চ, ইমন সংগীত বিদ্যালয়, ন -কুঁহি ডাঞ্চ একাডেমী, আইদেউ সংগীতালয়কে আদি কৰি বহুকেইটা আনুষ্ঠানৰ ছাত্ৰ -ছাত্ৰীয়ে বিচিত্ৰানুষ্ঠাত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে গুৱাহাটীৰ শিশু শিল্পী মেধা জ্যোতি নাথ আৰু খ্যাতি তৃষ্ণা দেবীয়ে অসমীয়া ভাষা ধ্ৰুপদী মৰ্য্যদাক লৈ যি বক্তব্য তথা গীত পৰিৱেশন কৰিলে সি অতিকৈ প্ৰসংসনীয় লগতে সোণাৰি ৰ যাদু কুঁৱৰী বৃষ্টি বণ্যা চেতিয়া ফুকনৰ যাদু প্ৰদৰ্শনে সকলোকে আপ্লুত কৰে।

60
6820 views