logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

হোজাই জিলাৰ ন্যায়পালিকাৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বৃক্ষ ৰোপণ অভিযান

কালি বিশ্ব পৰিৱেশ দিৱসৰ বিশেষ উপলক্ষে, হোজাই জিলাৰ ন্যায়পালিকা আৰু জিলা আইন সেৱা প্ৰাধিকৰণ (DLSA), হোজাই-ৰ সহযোগিতাত এক বৃক্ষ ৰোপণ কাৰ্য্যসূচী অনুষ্ঠিত হয়। এই কাৰ্য্যসূচী মূল উদ্দেশ্য আছিল পৰিৱেশৰ সুৰক্ষা আৰু সেউজ পৰিবেশ গঢ়ি তোলাৰ বাবে সচেতনতা বৃদ্ধি কৰা।

অনুষ্ঠানত হোজাই জিলা ও সত্ৰ ন্যায়াধীশ, অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ, জিলা দেৱানী ন্যায়াধীশ (জ্যেষ্ঠ শাখা), মুখ্য ন্যায়িক দণ্ডাধীশ, অন্যান্য ন্যায়িক দণ্ডাধীশ আৰু ন্যায়ালয়ৰ কৰ্মচাৰীসকল সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰীসকলে ন্যায়ালয় চৌহদত বিভিন্ন গছৰ পুলি ৰোপণ কৰে আৰু পৰিৱেশৰ প্ৰতি দায়িত্ববোধৰ দৃঢ় প্ৰতিশ্রুতি প্ৰকাশ কৰে। এই বৃক্ষ ৰোপণ কাৰ্যসূচীয়ে বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি পৰিৱেশ সংৰক্ষণৰ প্ৰতি সমাজত সচেতনতা বৃদ্ধি কৰিবলৈ এটা গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে কাম কৰিছে। হোজাই জিলাৰ ন্যায়পালিকাই এনে উদ্যোগৰ জৰিয়তে সমাজত সেউজীয়া পৰিবেশৰ প্ৰতি দায়িত্বশীলতা বঢ়াই দিবলৈ এক অনন্য দৃষ্টান্ত স্থাপন কৰিছে।

129
1354 views

Comment