logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

Assam Police: ভাৰত-ভূটান সীমান্তৰ পৰা আহি থকা বাছখন হঠাৎ ৰখালে আৰক্ষীয়ে, এজন যাত্ৰীক সুধিলে ‘‘কি আছে বেগত, বেগ খোলক?’’, বেগৰ ভিতৰত যি বস্তু ওলাল, লাগি গ’ল হাহাকাৰ!

ভাৰত-ভূটান সীমান্তৰ পৰা আহি আছিল বাছখন। কিন্তু ৰঙিয়া ভূটান বাছ ষ্টেণ্ডৰ ওচৰত আৰক্ষীয়ে চলন্ত বাছখন ৰখালে। আৰু দৌৰা-দৌৰিকৈ বাছখনত উঠিল গ’ল ৰঙিয়া আৰক্ষীৰ এটি দল।

লোকজনেও প্ৰথমতে থমমত খালে, কিন্তু ৰঙিয়া আৰক্ষীৰ অভিযানত বেগৰ ছেইন খুলিবলৈ বাধ্য হ’ল লোকজন। বেগৰ ছেইন খোলাৰ পিছতে ফাদিল হ’ল সকলো ৰহস্য। আচৰিত হৈ পৰিল বাছৰ প্ৰতিগৰাকী যাত্ৰী।
এইবাৰ ৰঙিয়া আৰক্ষীৰ অভিযানত জালত পৰিল গাঞ্জা সৰবৰাহকাৰী। বহিঃৰাজ্যৰ গাঞ্জা সৰবৰাহকাৰী ধীৰাজ তিৱাৰীৰ পৰা জব্দ কৰে ৫ কেজি ৫০০ গ্ৰাম গাঞ্জা।

সোমবাৰে ৰঙিয়া আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰে গাঞ্জাখিনি। ধৃত গাঞ্জা সৰবৰাহকাৰী ধীৰাজ তিৱাৰীৰ ঘৰ উত্তৰ প্ৰদেশত।

ৰঙিয়া আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি আৰক্ষীয়ে খবৰ লাভ কৰিছিল যে এজন গাঞ্জা সৰবৰাহকাৰীয়ে ভাৰত ভূটান সীমান্তৰ দৰংগা মেলাৰ পৰা AS-14C-4182 নম্বৰৰ বাছযোগে ৰঙিয়া নগৰৰ মাজেৰে গাঞ্জা কঢ়িয়াই আনিছিল। গোপন তথ্যৰ ভিত্তিতে ৰঙিয়াৰ ভূটান বাছস্থানৰ পথত বাছখন আৰক্ষীয়ে আগচি ধৰে আৰক্ষীয়ে।

উল্লেখযোগ্য যে, ৰঙিয়া আৰক্ষীয়ে গাঞ্জাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। বিগত সপ্তাহতো একেধৰণৰ অভিযানত ৰঙিয়াৰ তিনিআলিত এখন মেজিক ভানৰ পৰা এগৰাকী মহিলাৰ হাতৰ পৰা গাঞ্জা জব্দ কৰিছিল আৰক্ষীয়ে।

সেই ঘটনাত আৰক্ষীয়ে মহিলাগৰাকীৰ লগতে গাড়ীৰ চালকক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল।



143
2220 views

Comment