logo

ৰংপুৰত জাবৰ সমস্যই এক জটিলতাৰ সৃষ্টি কৰিছে।

শিৱসাগৰ চহৰ প্ৰায় দাঁতি-কাষৰীয়া অঞ্চল ৰংপুৰত ভাড়া ঘৰকে আদি বিভিন্ন পৰ্বতসম অট্টালিকা সদৃশ ঘৰ লগতে খালি মাটি, পথাৰ একেবাৰে নিঃশেষ হোৱাত এই অঞ্চলৰ ৰাইজে জাবৰ পেলোৱা ক্ষেত্ৰত ব্যাপক সমস্যাৰ সম্মুখীন হৈছে।তাতে ৰংপুৰৰ আধা অংশ শিৱসাগৰ চহৰ মুখ্য ডাকঘৰ অন্তৰ্গত এলেকা ইয়াৰ ওপৰিও ঐতিহাসিক আহোম ৰজাৰ ৰাজধানী অঞ্চল। লগতে শিৱসাগৰ বিভিন্ন কাৰ্য্যলয় আদি গঢ়ি উঠাৰ ঐতিহ্যমণ্ডিত শিৱসাগৰ মহাবিদ্যালয় বৰ্তমান শিৱসাগৰ বিশ্ববিদ্যালয় এই অঞ্চলত আছে । গতিকে সকলো দিশ বিবেচনা কৰি ৰংপুৰক শিৱসাগৰ নগৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব বাবে ৰংপুৰ ৰাইজৰ উৰ্দ্ধতম কতৃপক্ষক অনুৰোধ কৰা হৈছে। প্ৰশাসনে বিশেষ কাৰ্য্য কৰি ব্যৱস্থা লৈ ৰংপুৰৰ ঐতিহ্য ৰক্ষাৰ লগতে এই অঞ্চলক শিৱসাগৰ চহৰ অন্তৰ্ভুক্ত কৰি পৌৰসভাৰ গাড়ী পঠাই এই অঞ্চলৰ জাবৰ নিষ্কাষণৰ সমস্যাটো সমাধান পথ তৈয়াৰ কৰি ৰংপুৰক ন্যায়যত প্ৰদান কৰিব বুলি শিৱসাগৰ প্ৰসাশনীয় মূৰব্বী ৰ আশা থাকিল।

17
1788 views