logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

আনন্দপুৰ চিব্লক ত ৰঙালী বিহু উদ্ যাপন

আনন্দপুৰ চিব্লক ( উত্তৰ চুবা) ত যোৱা ১২ আৰু ১৩ বহাগত দুই দিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উদ্ যাপন কৰা হয়। মুকলি বিহু মঞ্চ উদ্বোধন কৰে দিহিৰা পৰিষদিয় সমষ্টিৰ এম,চি,এল,এ ঘনশ্যাম দাস এ। ৰঙালী বিহুৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কৰে সভাপতি অৰূপ কলিতাই ইয়াৰ পিছতে স্মৃতি বেদীত বন্তি প্ৰজ্বলন কৰে ধ্ৰুৱজ্যোতি দাসে , বৃক্ষৰোপণ কৰে গাঁৱৰ গাঁও বুঢ়া ৰ লগতে বিশিষ্ট বহু কেইজন লোকে। ইয়াৰ পিছতে বিভিন্ন খেল - ধেমালি অনুষ্ঠিত হয়।১৩ বহাগ ত খেল -ধেমালিৰ লগে মুকলি বিহু অনুষ্ঠিত হয়। বহুকেইটা বিহু দলে হুঁচৰি আৰু বিহু নৃত্য প্ৰদৰ্শন কৰে।

96
2766 views

Comment