logo

সোণমইনা এলবামৰ "পুতলা, শিৰ্ষক বিহুসুৰীয়া গীতৰ শুভ উন্মোচন ।

মৰাণ: উজনি অসমৰ সাংস্কৃতিক নগৰী মৰাণৰ "ৰং এণ্ড ৰিদম"সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ প্ৰাংগনত ২০ এপ্ৰিল ২০২৫ তাৰিখ দেওবাৰে কণ্ঠশিল্পী জোনাক কাশ্যপ আৰু প্ৰণামী কোঁৱৰে কণ্ঠদান কৰা সোণমইনা এলবামৰ পুতলা নামৰ এটা বিহুসুৰীয়া গীতৰ শুভ উন্মোচন কৰা হয়। সংগীত ৰত্ন তথা ৰং এণ্ড ৰিদমৰ সঞ্চালক ড০ শুভজ্যোতি মহনে উন্মোচন কৰা গীতটিৰ কথা,সুৰ জোনাক কাশ্যপৰ। নেপালী ভাষাৰ কথাংশ আৰু সুৰত সহযোগ কৰিছে বিজু বিজয় চেত্ৰী আৰু প্ৰণামী কোঁৱৰে গীতটি সংগীতেৰে সজাই তুলিছে প্ৰীহান প্ৰদীপ্ত ই , বাঁহীত অঞ্জন মেধি, গীটাৰ আৰু মেণ্ডলিনত সহায় কৰিছে ঋষিমণিয়ে গীতটি শব্দ সংমিশ্ৰণ কৰি সোণত সুৱগা চৰায় অসমৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন সংগীত শিল্পী চৈতন্য চান গগৈয়ে। উন্মোচনী অনুষ্ঠানত ৰং এণ্ড ৰিদমৰ সংগীতৰ শিক্ষাৰ্থী সকলৰ লগতে অধিবক্তা দ্বিপেন বড়া, মৃণ্ময় বৰকটকী,পৰাগ বৰুৱাকে প্ৰমুখ্যে কৰি বহুকেইজন সন্মানীয় তথা বিশিষ্ট ব্যক্তি উপস্থিত আছিল। উল্লেখ্য যে একে দিনাই অন্য এক সম্বৰ্দ্ধনা তথা অভিনন্দন অনুষ্ঠানত জোনাক কাশ্যপৰ " পুতলা" নামৰ গীতটিয়ে অসমৰ সংগীত জগতত এক অন্যমাত্ৰা প্ৰদান কৰিব বুলি লতাশিলৰ " বিহু সম্ৰাজ্ঞী ২০২৫" লিজামনি শেনছোৱাই মতপোষন কৰে।

73
1699 views