
মৰাণ স্বৰ্ণ শাখা সাহিত্য সভাৰ ৬গৰাকী বিশিষ্ট সাহিত্যিক, সমাজ সংগঠকক ওলগনি
মৰাণ ঃ বিগত বৰ্ষৰ দৰে এইবছৰো ব'হাগৰ পহিলা দিনটোত মৰাণ স্বৰ্ণ শাখা সাহিত্য সভাই ‘নিজৰ দিন' কাৰ্যসূচী পালন কৰে। অসম সাহিত্য সভাৰ কাৰ্যসূচীৰ অংশৰূপে মৰাণ স্বৰ্ণ শাখা সাহিত্য সভাই বৃহত্তৰ মৰাণ অঞ্চলৰ ৬গৰাকীকৈ বিশিষ্ট সাহিত্যিক, সমাজ সংগঠকৰ বাসগৃহত উপস্থিত হৈ ওলগনি-পত্ৰ আৰু বিহুৱানেৰে ওলগনি জনোৱাৰ লগতে তামোল-পাণৰ শৰাই আগবঢ়াই সেৱা জনায়। বিশিষ্ট সাহিত্যিক, সমাজ সংগঠক, জ্যেষ্ঠ নাগৰিক ক্ৰমে মৰাণ স্বৰ্ণ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি-সম্পাদকদ্বয় ড° অনিল শইকীয়া, ড° যতীন চুতীয়া, বিশিষ্ট চিকিৎসক ডাঃ সূৰুজ শইকীয়া, বিশিষ্টা সমাজ সংগঠকত্রয় ভানু লাহন, বিজু বৰবৰা আৰু লেখক কোচক অসম সাহিত্য সভা আৰু চৰাইদেউ জিলা সাহিত্য সভাৰ হৈ মৰাণ স্বর্ণ শাখা সাহিত্য সভাৰ এটা সঁজাতী দলে ওলগনি জনায়। মৰাণ স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি অজিত চুতীয়া, উপ-সভাপতি সুনীল গগৈ, সম্পাদক গিৰিণ চেতিয়া, প্ৰাক্তন সভাপতি নীলকান্ত গগৈ, প্রাক্তন সম্পাদকত্রয় প্রদীপ চুতীয়া, তিলক চাহু, ৰাজ্জাক আলী, সদস্য ড° শুভজ্যোতি মহন, সত্যনাথ শৰ্মা, জিৎপল চুতীয়াই অসমীয়া নতুন বছৰৰ শুভেচ্ছা আৰু ওলগনি-পত্ৰ প্ৰদান কাৰ্যসূচীত ভাগ লয়।