বাৰেৰহণীয়া সাংস্কৃতিক মঞ্চৰ উদ্যোগত মৰাণত জয়া স্মৃতি দিৱসৰ প্ৰস্তুতি
মৰাণ, ৭ এপ্রিল : চৰাইদেউ আৰু ডিব্ৰুগড় জিলা দুখনৰ সংগমস্থল মৰাণ অঞ্চলৰ নবীন-প্রবীণ সংগীত শিল্পীসকলৰ সহযোগত প্রতিষ্ঠা হোৱা বাৰেৰহণীয়া সাংস্কৃতিক মঞ্চ'ৰ উদ্যোগত অহা ১০ এপ্রিলত মৰাণৰ মিলিত শিল্পী সমাজ নাট্য মন্দিৰত প্ৰথম বাৰ্ষিক জয়া স্মৃতি দিৱস অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে বুলি উদযাপন সমিতিৰ যুটীয়া সম্পাদিকা জ্যোতি দেউৰী আৰু কামিনী গগৈয়ে এক প্ৰেছ বিবৃতিযোগে জনাইছে। কাৰ্যসূচী অনুসৰি, পুৱা সামুহিক চাফাইৰ পাছতে পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভানেত্ৰী নৱলতা চেতিয়াই। বন্তি প্ৰজ্বলন কৰিব যুটীয়া সম্পাদিকা জ্যোতি দেউৰী আৰু কামিনী গগৈয়ে। বাৰেৰহণীয়া সাংস্কৃতিক মঞ্চৰ শিল্পী সকলৰ দ্বাৰা সাংস্কৃতিক, অনুষ্ঠান। বাল্যবিকাশ বিদ্যালয়ৰ অধ্যক্ষ ড° স্বপন কুমাৰ চুতীয়াই সভাপতিত্ব কৰিব লগা মুকলি সভাত নিৰ্দিষ্ট বক্তাৰূপে অংশগ্ৰহণ কৰিব মৰাণ মহিলা মহাবিদ্যালয়ৰ অধ্যাপিকা জয়শ্ৰী ফুকনে। বিশিষ্ট অতিথিৰূপে ভাগ ল'ব সাংবাদিক পেন্সনাৰ বাছা বৰা, মৰাণ মহাবিদ্যালয়ৰ অধ্যাপক নবীন গগৈ আৰু বিশিষ্ট সাংবাদিক ত্রৈলোক্য চেতিয়াই। বিয়লি বাৰেৰহণীয়া সাংস্কৃতিক মঞ্চৰ মহিলাসকলৰ দ্বাৰা ‘তেজে ধোৱা জেৰেঙা' নামৰ নাটখন প্ৰদৰ্শন কৰা হ'ব। নাটৰ আগমুহূৰ্তত মঞ্চ উদ্বোধন কৰিব সাহিত্যিক পেন্সনাৰ ডাঃ লোহিত কুমাৰ বৰাই ।