
মৰাণৰ ৰং এণ্ড ৰিদম, সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত "বিহুগীতৰ আখৰা " সম্পন্ন।
মৰাণ: চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ অন্তৰ্গত বৃহত্তৰ মৰাণ অঞ্চলত ২০০৩ চনত প্ৰতিষ্ঠা হোৱা অন্যতম অগ্রণী সংগীত শিক্ষাৰ অনুষ্ঠান তথা ভাৰত চৰকাৰৰ দ্বাৰা অনুমোদিত মৰাণৰ ৰং এণ্ড ৰিদম, সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত ৩০ মাৰ্চ ২০২৫ তাৰিখ দেওবাৰে "বিহুগীতৰ আখৰা "নামে এক অনুষ্ঠান সম্পন্ন হৈ যায়। ৰং এণ্ড ৰিদমৰ সঞ্চালক প্ৰধান ড০ শুভজ্যোতি মহনে আতঁধৰা অনুষ্ঠানৰ আৰম্ভণিতে এগছি বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটো শুভাৰম্ভ কৰে ৰং এণ্ড ৰিদমৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক ব্ৰজেন্দ্ৰ নাথ ফুকনে, প্ৰায় দুকুৰি ছাত্ৰ -ছাত্ৰীয়ে অংশগ্ৰহণ কৰা উক্ত অনুষ্ঠানত বিহু বিশেষজ্ঞ শ্ৰীযুত ঘন মহনে বিহুৰ উৎপত্তি তথা বিহুৰ বৈশিষ্ট্যৰ বিষয়ে ছাত্ৰ -ছাত্ৰী সকলৰ মাজত আলোচনা কৰাৰ উপৰিও কিছু বিহুনামৰ আখৰা কৰে লগতে অন্য এগৰাকী সমল ব্যক্তি বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা বিহুৱা শ্ৰীযুত অতুল দত্ত দেৱে এশ এবিধ শাকৰ বিহুগীতৰ লগতে বিহুৰ বিষয়ে চমু বক্তব্য আগবঢ়ায়। অনুষ্ঠানত ৰং এণ্ড ৰিদমৰ ছাত্ৰী চয়নীকা বৰা আৰু সম্ভাৱনা হাজৰিকাই বিহুগীত পৰিবেশন কৰা লগতে ৰিটৰিচা গগৈয়ে ঢোল বাদ্য পৰিবেশন কৰি সকলোকে আপ্লুত কৰে। বিশিষ্ট সাহিত্যিক তথা অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক শ্ৰীযুত সুনন্দ মহন, অধিবক্তা দ্বিপেন বৰা, শিক্ষয়িত্ৰী বিনা কোঁৱৰ গোহাঁই , জুতিকা বৰুৱা, শোণিত হাজৰিকা আদি বহুকেইজন সন্মানীয় ব্যক্তিৰ উপস্থিত থকা অনুষ্ঠানৰ শেষত সমল ব্যক্তিদ্বয়ক কৃতজ্ঞতা পত্ৰ প্ৰদানৰ লগতে অংশগ্ৰহণকাৰী সকলক মানপত্ৰ প্ৰদান কৰা হয়।