মৰাণৰ ৰং এণ্ড ৰিদম, সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত "বিহুগীতৰ আখৰা "
মৰাণ: চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ অন্তৰ্গত বৃহত্তৰ মৰাণ অঞ্চলত ২০০৩ চনত প্ৰতিষ্ঠা হোৱা অন্যতম অগ্রণী সংগীত শিক্ষাৰ অনুষ্ঠান তথা ভাৰত চৰকাৰৰ দ্বাৰা অনুমোদিত মৰাণৰ ৰং এণ্ড ৰিদম, সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত অহা ইংৰাজী ৩০ মাৰ্চ ২০২৫ তাৰিখ দেওবাৰে মৰাণ উষাপুৰত অৱস্থিত ৰং এণ্ড ৰিদমৰ প্ৰাঙ্গনত "বিহুগীতৰ আখৰা "নামে এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে । উক্ত অনুষ্ঠানত সমল ব্যক্তি হিচাবে উপস্থিত থাকিব বিহু বিশেষজ্ঞ শ্ৰীযুত ঘন মহন আৰু বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা বিহুৱা শ্ৰীযুত অতুল দত্ত । ইচ্ছুক ব্যক্তি তথা ছাত্ৰ -ছাত্ৰীক ৰং এণ্ড ৰিদমৰ সঞ্চালক ড০ শুভজ্যোতি মহন নতুবা ৯৯৫৪৪১৫৮৫২, ৯৬৭৮১৫৯৭০ নম্বৰত ২৮ মাৰ্চৰ ভিতৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।