মৰাণত "মৌকোঁহ" ৰ উদ্যোগত
অসম ভিত্তিত সাধু কোৱা প্ৰতিযোগিতা
মৰাণ, ১৮ মার্চ : বৃহত্তৰ মৰাণ অঞ্চলৰ অন্যতম শিশু প্রতিভা বিকাশ অনুষ্ঠান ‘ ’মৌকোঁহ'ৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবাৰো অহা ২৬ মাৰ্চত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যুদিনটো ‘সাধুকথা দিৱস’ হিচাপে পালন কৰা হ'ব। উদ্যোক্তাসকলে জনোৱামতে সাধুকথা দিৱসৰ লগত সংগতি ৰাখি অষ্টম শ্ৰেণীলৈকে অনুষ্ঠিত মুকলি সাধু কোৱা প্ৰতিযোগিতাখন অসম ভিত্তিত মৰাণৰ খুমটাই বাগিচা মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হ'ব। সাধু কোৱা প্ৰতিযোগিতাত প্ৰথম শ্ৰেষ্ঠ প্রতিযোগীক বিশিষ্ট সমাজকৰ্মী সুবোধ কোঁৱৰৰসোঁৱৰণীত পাঁচ হেজাৰ টকা, দ্বিতীয় শ্রেষ্ঠ প্রতিযোগীক বিশিষ্ট সমাজকর্মী তথা এ পি ডি চি এলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী চুচন চুতীয়াৰ সোঁৱৰণত তিনি হেজাৰ টকা, তৃতীয় শ্রেষ্ঠ প্ৰতিযোগীক বিয়ানামৰ সুকণ্ঠী গায়িকা, বিশিষ্ট সমাজসেৱিকা গোলাপী গগৈৰ সোঁৱৰণত দুহেজাৰ টকাৰ নগদ ধনসহ চলন্ত বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হ'ব। ইচ্ছুক অংশগ্ৰহণকাৰীক ৯৮৬৪৮-
১৯৫৪৬-২৮২০৮, ৬০০১৬- নাইবা ৯৯৫৪৪-১৫৮৫২ত অহা ২০ মাৰ্চৰ ভিতৰত যোগাযোগ কৰিবলৈ ‘মৌকোঁহৰ সম্পাদক সুনীল গগৈয়ে আহ্বান জনাইছে।