logo

সৰ্বভাৰতীয় প্ৰতিভা সন্ধানী পৰীক্ষাত মৰাণৰ ৰং এণ্ড ৰিদম, সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সাফল্য

মৰাণ ,১৭ মাৰ্চ ২০২৫ : ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃত "সুৰভাৰতী সংগীত সংস্কৃতি কেন্দ্ৰ" ৰ উদ্যোগত অনুষ্ঠিত ২০২৪-২৫ বৰ্ষৰ অল‌ ইণ্ডিয়া টেলেন্ট চাৰ্চ পৰীক্ষাত চৰাইদেউ জিলাৰ মৰাণত অৱস্থিত ৰং এণ্ড ৰিদম, সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ ছাত্ৰ -ছাত্ৰীয়ে সুগম সংগীত, তবলা, গীটাৰ, কি-বৰ্ডৰ আৰু চিত্ৰকলা বিষয়ৰ প্ৰতিভা সন্ধানী পৰীক্ষাত বিশেষভাবে উত্তীৰ্ণ হৈ সফলতা লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখযোগ্য ২০ গৰাকী ছাত্ৰ -ছাত্ৰীয়ে অংশগ্ৰহন কৰা উক্ত পৰীক্ষাত ১৩ গৰাকীয়ে প্ৰথম বিভাগ আৰু ৭.গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। ৰিটৰিচা গগৈ , সুদিপ্ত গগৈ, ময়ূৰী মিত্ৰ,সৃষ্টি মজুমদাৰ, টেনিছা চেতিয়া, শান্তনু কাশ্যপ বৰা, সাৰংগ সিদ্ধ সোণোৱাল , আদ্ৰিতা পৰশা নেওগ ,আকাশ নিয়ৰ চুতীয়া, নিবিড় গগৈ, সম্ভাৱনা হাজৰিকা, সুবাসিতা মহন, আৰোহণ দত্ত য়ে প্ৰথম বিভাগ আৰু তিয়াৰা চাংমাই, ৰিমৰিচা গগৈ, অৰ্পণ কাশ্যপ, চিৰঞ্জনা মহন, কৃষ্ণাগ্নী অভয়াপুৰীয়া, কুঁহি অনন্যা বৰুৱা, নীল আকাশ গগৈয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। এই পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ সকলক যোগ্যতা ভিত্তিত একোখন মানপত্ৰৰ লগতে একোটা মেডেল প্ৰদান কৰা হয়। ইয়াৰ উপৰিও প্ৰতিটো বিষয়ৰে শ্ৰেষ্ঠ এজন পৰীক্ষাৰ্থীক ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হবলগীয়া বাৰ্ষিক সমাবৰ্তনত বিশেষ ভাৱে পুৰস্কৃত কৰা হ'ব ।

133
9346 views