logo

সৰ্বভাৰতীয় পৰীক্ষাত ন-কুঁহি ডাঞ্চ একাডেমীৰ সাফল্য

মৰাণ: সুৰভাৰতী সংগীত সংস্কৃতি কেন্দ্ৰ ৰ উদ্যোগত অনুষ্ঠিত ২০২৪-২৫ বৰ্ষৰ অল‌ ইণ্ডিয়া টেলেন্ট চাৰ্চ পৰীক্ষাত চৰাইদেউ জিলাৰ পাটসাকোঁ ত অৱস্থিত ন-কুঁহি ডাঞ্চ একাডেমীৰ ছাত্ৰ -ছাত্ৰীয়ে নৃত্য বিষয়ত বিশেষ ভাৱে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । উল্লেখযোগ্য যে নৃত্য গুৰু দীপক সোণোৱালৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰা ন-কুঁহি ডাঞ্চ একাডেমীৰ ৩৩ গৰাকী ছাত্ৰ -ছাত্ৰীৰ ভিতৰত ৩২গৰাকীয়ে প্ৰথম বিভাগ আৰু এগৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এই পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ সকলক যোগ্যতা ভিত্তিত একোখন মানপত্ৰৰ লগতে একোটা মেডেল প্ৰদান কৰা হয়। ইয়াৰ উপৰিও প্ৰতিটো বিষয়ৰে শ্ৰেষ্ঠ এজন পৰীক্ষাৰ্থীক সুৰভাৰতী সংগীত সংস্কৃতি কেন্দ্ৰ ৰ বাৰ্ষিক সমাবৰ্তনত বিশেষ ভাৱে পুৰস্কৃত কৰা হ'ব ।

133
12919 views