logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

কলিয়াবৰৰ তপাহোলা প্ৰাথমিক বিদ্যালয়ত বিনামূলীয়া সত্ৰীয়া নৃত্যৰ কৰ্মশালা সম্পন্ন

কলিয়াবৰৰ তপাহোলা প্ৰাথমিক বিদ্যালয়ত বিনামূলীয়া সত্ৰীয়া নৃত্যৰ কৰ্মশালা সম্পন্ন।

কলিয়াবৰ শিক্ষাখণ্ডৰ অন্তৰ্গত তপাহোলা প্ৰাথমিক বিদ্যালয়ত আজি শংমাকঃএক সংস্কৃতি প্ৰবাহৰ উদ্যোগত ৭ দিনীয়াকৈ সত্ৰীয়া নৃত্যৰ এক বিনামূলীয়া প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰা হয়। কৰ্মশালাখনিৰ মূল প্ৰশিক্ষক হিচাপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ নৃ-তত্ব বিভাগৰ গৱেষক দীপশিখা ভূঞা।অনুষ্ঠানত উপস্থিত থাকে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী বিনীতা ডেকা মিৰ্ধা, ২০২১ চনৰ ৰাজ্যিক বঁটা প্ৰাপ্ত শিক্ষয়িত্ৰী ৰানু নেওগ, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মংগল গড় আৰু বিশিষ্ট কবি লাহিৰাম বড়ো। তদুপৰি অঞ্চলটোৰ প্ৰায় শতাধিক ৰাইজ উপস্থিত থাকি শিক্ষাৰ্থী সকলৰ সামৰণি কৰ্মশালা উপভোগ কৰে।কৰ্মশালা খনিত অঞ্চলটোৰ প্ৰায় অৰ্ধ শতাধিক আদিবাসী চাহ জনজাতিৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।
সামৰণি অনুষ্ঠানত শিক্ষাৰ্থী আৰু অভিভাৱক সকলৰ মাজত মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। শেষত শলাগ জ্ঞাপনেৰে অনুষ্ঠানৰ সামৰণি পৰে।

144
470 views

Comment